হাওৰাঘাট,১০ জানুৱাৰী : কাৰ্বি আংলং জিলাৰ লাংহিনৰ স্বৰগাঁঠি দলঙত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে AS-02-E-5822 নম্বৰ যুক্ত এখন ১২ চকীয়া ট্ৰাকে ফুলনি দিশৰ পৰা ডবকা অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই স্বৰগাঁঠি দলঙত খুন্দা মাৰে আৰু দলঙৰ তলত বাগৰি পৰে । আনহাতে উক্ত দূৰ্ঘটনাৰ খবৰ লাভ কৰাত ডকমকা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে গুৰুত্বৰ ভাবে আহত হোৱা ট্ৰাক চলক জনক ততাতৈয়াকৈ ডকমকা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইপিনে বাতৰি লিখা পৰলৈকে আহত চালক জনৰ নাম আৰু ঠিকনা জানিব পৰা হোৱা নাই ।