লখিমপুৰ, ১৯ জানুৱাৰী — লখিমপুৰ জিলাত ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰা সন্দৰ্ভত আজি নাওবৈচাৰ বিধায়ক ভৰত নৰহে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে ক’ত আৰু কেনেকৈ এই যাত্ৰা আগবঢ়াব সেই সন্দৰ্ভত সংবাদমেলখন সম্বোধন কৰি বিধায়ক নৰহে কয় যে, কাইলৈ গোগামুখৰ পৰা লখিমপুৰ হৈ ইটানগৰলৈ আৰম্ভ হ’ব এই যাত্ৰা। কাইলৈ পুৱা ৮ বজাত লখিমপুৰ জিলাৰ বগীনদীস্থিত পদুমণি আইথানত সেৱা লৈ তাৰ পৰা বাছেৰে চৰাইমৰীয়াৰ বাইপাছৰ সমীপলৈকে ৰাহুলৰ যাত্ৰা আৰম্ভ হ’ব। চৰাইমৰীয়াৰ বাইপাছত থকা সতী সাধনীৰ প্রতিমূৰ্তিত মাল‍্যাৰ্পণ কৰাৰ পিচত তাৰ পৰা লখিমপুৰ টাউনৰ মাজেৰে ৰাহুল গান্ধীয়ে পদযাত্ৰা কৰিব। দিনৰ ১০-৩০ বজাত পহুমৰাত থকা লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই গান্ধী লালুকত উপস্থিত হ’বগৈ। লালুকত পদযাত্ৰা কৰাৰ পিচত ৰাহুল গান্ধী বান্দৰদেৱা হৈ ইটানগৰলৈ ৰাওনা হ’ব। ইয়াৰ পূৰ্বে ১২-৩০ বজাত লালুকত এখন সংবাদমেল সম্বোধন কৰিব ৰাহুল গান্ধীৰ লগতে অহা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু জীতেন্দ্ৰ সিঙকে ধৰি বহুকেইগৰাকী কংগ্ৰেছী নেতাই। পিচে এই সংবাদমেলত ৰাহুল গান্ধী উপস্থিত নাথাকে। বিধায়ক নৰহে জানিবলৈ দিয়া মতে, বিয়লি ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ৰেলী অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবগৈ। বিধায়ক নৰহৰ অভিযোগ এইযে, লখিমপুৰত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা বিঘ্নিত কৰিবলৈ বিজেপিয়ে বিভিন্ন কুট-কৌশল অৱলম্বন কৰিছে। যিকোনো প্ৰকাৰে ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰা বিফল কৰিবলৈ বিজেপি দলে প্ৰচেষ্টা চলাইছে যদিও কংগ্ৰেছৰ দাবী বিজেপিয়ে যিমান কুট কৌশল নকৰক কিয় কংগ্ৰেছে এই যাত্ৰা সফল কৰিবই। ভৰত নৰহে লগতে কয় – ৰাহুল গান্ধীৰ এই ভাৰত জোৰো ন্যায় যাত্ৰাত অসমৰ ৰাইজে অভূতপূৰ্ব সঁহাৰি জনাইছে। কাইলৈ লখিমপুৰতো এই যাত্ৰাত ৰাইজে ব্যাপক সঁহাৰি জনাব। ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিয়েই বিজেপি দলে প্ৰশাসনৰ সহযোগিতাৰে প্ৰতিবন্ধকতা সৃষ্টি কৰিছে। আজিৰ এই সংবাদমেলত লখিমপুৰৰ কংগ্ৰেছ নেতা জয়প্ৰকাশ দাস আৰু দীপেন বৰা উপস্থিত থাকে