হাওৰাঘাট,২০ জানুৱাৰী : সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আজি সন্থাৰ কিছুমান দাবী পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং জিলা আদালতৰ প্ৰাংগণত ডিফুত সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি পালন কৰা হয় । উল্লেখ্য যে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে পুৰণা পেঞ্চন নীতিক বাহাল ৰখা আৰু নতুন পেঞ্চন নীতিক বাতিল কৰাৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে । ইয়াত নেতৃত্ব দিয়ে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ভূমিধৰ তেৰাং আৰু সম্পাদক হাওপু হাওলাই ।