লখিমপুৰ, ২০ জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা বিফল কৰিবলৈ লখিমপুৰত বিজেপিৰ একাংশ দুস্কৃতিকাৰীয়ে লখিমপুৰ নগৰৰ বিভিন্ন কংগ্ৰেছৰ হৰ্ডিঙ, বেনাৰ পোষ্টাৰ , ফালিচিৰি নিঃশেষ কৰাৰ লগতে লখিমপুৰ নগৰৰ দোকান পোহাৰ বলপূৰ্বক ভাবে বন্ধ কৰি দিয়াত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – বিজেপি দলে ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা বিফল কৰিবলৈ বিভিন্ন কুট কৌশল ৰচনা কৰাৰ লগতে পেট্ৰল ডিপু বন্ধ কৰাৰ উপৰি কংগ্ৰেছ দলৰ বেনাৰ ,পোষ্টাৰ , ফালিচিৰি নিশ্চিহ্ন কৰে । ইফালে কালি নিশা বেনাৰ পোষ্টাৰ লগাবলৈ অহা দুখন ট্ৰাকত বিজেপি দুস্কৃতিকৰিয়ে আক্ৰমণ কৰাৰ লগতে মাৰপিত কৰে । ভয় ভাবুকিৰে উক্ত স্থান এৰি যাবলৈ বাধ্য কৰে । এনে ঘটনাৰ সন্দৰ্ভত লখিমপুৰ সদৰ থানাত দুটাকৈ গোচৰ তৰাৰ কথা সদৰি কৰে । ট্ৰাকত আক্ৰমণ চলোৱা বাবে এটা গোচৰ আৰু , বেনাৰ ,পোষ্টাৰ, হৰ্ডিঙ ফলাৰ বাবে আন এটা গোচৰ সহ দুটা গোচৰ তৰে । লখিমপুৰত বিজেপি কৰ্মীৰ এনে দুষ্কাৰ্যৰ বাবেই ৰাহুল গান্ধীয়ে লখিমপুৰত পদযাত্ৰা নকৰি লালুকত অনুষ্ঠিত হব লগা দলীয় কৰ্মীসভাত অংশ গ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যাত্ৰা কৰে