হাওৰাঘাট,২১ জানুৱাৰী : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু বকলীয়াঘাট আঞ্চলিক সমিতিৰ সহযোগত অনান্য বছৰৰ দৰে এইবাৰো দ্বাদশ বাৰ্ষিক ভোগালী উৎসৱটি বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ভোগালী বিহুৰ পতাকা উত্তোলন কৰে ভোগালী উৎসৱ উদযাপন সমিতিৰ সভাপতি হৰি নাৰ্জাৰীয়ে আৰু সংগঠনৰ পতাকা উত্তোলন কৰে অপূৰ্ব দাসে । অসমীয়াৰ হিয়াৰ আমঠু ভোগালী অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী, শিক্ষক, সাংবাদিক আৰু বহুকেইগৰাকী বয়োজেষ্ঠ সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ উপৰিও পৰম্পৰাগত খেল ধেমালি, চিত্ৰাংকণ,কুইজ আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পী হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰে ৰাজীৱ শদিয়াই ।

Home অসম আৰু উত্তৰপূব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বকলীঘাটত দ্বাদশ বাৰ্ষিক ভোগালী উৎসৱৰ সামৰণি