হাওৰাঘাট,২৭ জানুৱাৰী : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট হালধীআটি গাওঁ নিবাসী মুকেশ আগৰৱাল (৫২)ৰ আজি হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হয় । আগৰৱাল সমাজত সকলোৰে মাজত জনপ্ৰিয় এগৰাকী সমাজকৰ্মী তথা ব্যৱসায়ী আছিল। মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত এজন পুত্ৰ এৰি গুচি যায়। তেওঁৰ মৃত্যুত সমগ্ৰ বকলীয়াঘাট অঞ্চলতে শোকৰ ছাঁ পৰিছে ।