হাওৰাঘাট,২৮ জানুৱাৰী : কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বেলগুৰি জয়হৰি ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশখনি অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্ততি চলোৱা হৈছে । কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পৰিবেশ নিকাকৰণ, নাম প্ৰসংগ, মূল তোৰণ উন্মোচন, সম্বৰ্ধনা, প্ৰতিনিধি শিবিৰৰ দ্বাৰ মুকলি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব । দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে পুৱা পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব । দিনৰ ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি কুমৰ কান্ত বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হ’ব । সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং, উপাধ্যক্ষ অজিত কুমাৰ দে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।