লখিমপুৰ, ৯ ফ্ৰেব্ৰুৱাৰী: শ্ৰীলংকাৰ কলম্বো চহৰৰ ইউনিভাৰ্চিটি অৱ ভিজুৱেল এণ্ড পাৰ্ফৰ্মিং আৰ্টছ আৰু ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ স্বামী বিবেকানন্দ কালচাৰেল চেন্টাৰত অনুস্থিত আন্ত:ৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অসমৰ দুগৰাকী চিত্ৰশিল্পীৰ চিত্ৰকৰ্ম প্ৰদৰ্শিত হৈছে । গুৱাহাটীৰ চিত্র শিল্পী মিন্টু ডেকাৰ লগতে অসমৰ পৰেশ ভূঞাৰ চিত্ৰ কৰ্মও প্ৰদৰ্শনীখনত প্ৰদৰ্শিত হৈছে। যোৱা ১ফেব্ৰুৱাৰীৰ পৰা কলম্বোত চলি থকা “DIFFERENT PALATE “শীৰ্ষক চিত্ৰ প্ৰদৰ্শনীখন উদ্ধোধন কৰে কলম্বোৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰথম সচিব ন্যাশনাল চিংলা আৰু স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকণ দত্তই।
অসমৰ দুয়োগৰাকী চিত্ৰশিল্পীৰ লগতে ভাৰতবৰ্ষৰ মুঠ ১৪ গৰাকী শিল্পীৰ এক্ৰিলিক, পানী ৰং, তেলৰঙকে ধৰি বিভিন্ন মাধ্যমৰ ৩৫ খন শিল্প কৰ্ম প্ৰদৰ্শনীখনত প্ৰদৰ্শিত হৈছে। ভালেসংখ্যক শিল্পৰসিকৰ লগতে প্ৰদৰ্শনীখনত উপস্থিত আছিল ক্ৰমে ইউনিভাৰ্ছিটি অৱ ভিজুৱেল এণ্ড পাৰফৰ্মিং আৰ্টছ,কলম্বোৰ ডিন জগত ৰবীন্দ্ৰ , হিৰান্হী ফাৰ্ণাণ্ডো আৰু কলম্বোৰ কাছা চেৰেণা আৰ্ট গেলাৰীৰ স্বত্তাধিকাৰ নিচানচালা কৰুণাৰত্নে ৰাজাপাক্স। চিত্ৰশিল্পী হিৰান্হী ফাৰ্ণাণ্ডোৰ উদ্যোগত আৰু এছ এম ডি আৰ্ট ফাউণ্ডেচন ৰ সহযোগত অনুস্থিত চিত্ৰপ্ৰদৰ্শনী খনৰ যোৱা ৬ ফেব্ৰুৱাৰীত সামৰণি পৰে। অসমৰ এছ এম ডি আৰ্ট ফাউণ্ডেচনৰ প্ৰতিস্থাপক চিত্ৰ শিল্পী মিণ্টু ডেকাই উদ্ধোধনী অনুস্থানত উপস্থিত থকা সকলক আদৰণি জনোৱাৰ লগতে ধন্যবাদ সূচক মন্তব্য আগবঢ়াই

Home অসম আৰু উত্তৰপূব কলম্বোৰ আন্ত:ৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শণীত উজলিল অসমৰ চিত্ৰশিল্পী মিণ্টু ডেকা,পৰেশ ভূঞাৰ চিত্ৰ