লখিমপুৰ, ১০ ফেব্ৰুৱাৰী ; কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উৰিষ্যাৰ এখন জনসভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক “কাগজী অ’বিচি” বুলি অপমান কৰা ঘটনাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিৰ অ বি চি মৰ্চাই এয়া কেৱল প্ৰধানমন্ত্ৰীক কৰা অপমান নহয়, ই সমগ্ৰ অ’বিচি সমাজ তথা দেশৰ সাংবিধানিক ব্যৱস্থাৰো অপমান বুলি মত ব্যক্ত কৰিছে ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী তথা দেশৰ সাংবিধানিক ব্যৱস্থাৰ প্ৰতি কৰা বিদ্বেষপূৰ্ণ বক্তব্যৰ প্ৰতিবাদত অ বি চি মৰ্চাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আজি লখিমপুৰ জিলা আয়ুক্ত কাৰ্যলয়ৰ সন্মুখত ৰাহুল গান্ধীৰ পুত্তলিকা দহনৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি অবিচি মৰ্চা লখিমপুৰ জিলা সমিতিৰ সভাপতি কুলদ্বীপ বৰা, সাধাৰণ সম্পাদক অনুপম বৰা, মানস ৰাজখোৱা তথা লখিমপুৰ জিলা,মৰ্চা,মণ্ডল, পৌৰসভাৰ,বুথৰ ভাৰতীয় জনতা পাৰ্টি ৰ বিভিন্ন কাৰ্য্যকৰ্তা সকল
Home অসম আৰু উত্তৰপূব জনসভাত দেশৰ প্ৰধানমন্ত্ৰীক অপমান লখিমপুৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পুত্তলিকা দাহ উত্তাল...