লখিমপুৰ, ১০ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সৌজন্যত আৰু লখিমপুৰ জিলা পৰিবহন বিভাগৰ সহযোগত ১৫ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাতো অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই মাহ জোৰা কাৰ্যসূচীত প্ৰচাৰ পত্ৰ বিতৰণ, বিভিন্ন শিক্ষানুষ্ঠানত সজাগতা সভা অনুষ্ঠিত কৰা, এনিমেছন ভিডিও প্ৰদৰ্শন, চিত্ৰাংকণ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, মাইক এনাউন্সমেণ্ট, বেনাৰ পোষ্টাৰ হৰ্ডিং, বাইক ৰেলী, চাইকেল ৰেলী আদিৰ লগতে কালি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে এক পদ যাত্ৰা উলিওৱা হয়। পুৱা ১১ বজাত উত্তৰ লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰৰ পৰা উলিওৱা এই পদ যাত্ৰা কাৰ্যসূচী উদ্বোধন কৰে লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই। আজিৰ এই কাৰ্যসূচীত জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব প্ৰণৱ ৰয়, লখিমপুৰ জিলা পৰিবহন বিষয়া সীমান্ত বৰা, প্রবৰ্তক পৰিদৰ্শক সত্য বড়ো প্ৰমুখ্যে জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে মৈদমীয়া “বান্ধৈ” বেচৰকাৰী সংস্থাৰ সম্পাদক হেমন্ত বনিয়াই। পদযাত্রাত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পদ্মনাথ গোহাঞি বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় আৰু পানীন্দ্ৰ বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে