লখিমপুৰ, ১৩ ফেব্ৰুৱাৰী — লখিমপুৰ জিলাৰ কাকৈ বনাঞ্চলত যোৱা নিশা বন বিভাগে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই পঞ্জীয়নবিহীন এখন ট্ৰেক্টৰ আৰু ৮১ চি এফ টি শিঙৰি কাঠসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে লখিমপুৰৰ আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰা চোৰাং কাঠ সৰবৰাহকাৰী দুগৰাকী কদম টেঙাবস্তি নিবাসী বিজু ওৰফে বুধিন গগৈ (৪৪) আৰু কদম গোঁহাই গাঁও নিৱাসী কুশল ৰাজখোৱা (৫৫) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি লখিমপুৰৰ বন প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰী আৰু উত্তৰ লখিমপুৰ আঞ্চলিক বন বিষয়া হৰিশ নাথে কাকৈৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মীৰ সহযোগিতাত চিনাতলীয়া চাহ বাগিচাৰ আমতলি খণ্ডত নিশা ৯-২০ বজাত অভিযান চলাই কাঠ, ট্ৰেক্টৰসহ সৰবৰাহকাৰী দুগৰাকীক আটক কৰে। সৰবৰাহকাৰী দুগৰাকীয়ে দিয়া ভাষ্য অনুসৰি উক্ত কাঠখিনি বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত মৰিদীৰ্ঘা গাঁও নিৱাসী চোৰাং কাঠ ব্যৱসায়ী ৰাজেন ওৰফে লেলৌ শইকীয়াৰ নিৰ্দেশমৰ্মেই তেওঁৰ বাসগৃহলৈ বুলি তেওঁলোকে সৰবৰাহ কৰিছিল। ইতিমধ্যে সৰবৰাহকাৰী দুগৰাকীৰ ভাষ্যক ভিত্তি কৰি বন বিভাগে বন সুৰক্ষা আইনৰ অধীনত এটা জামিনবিহীন গোচৰ লখিমপুৰৰ আদালতত ৰুজু কৰি ৰাজেন শইকীয়াক গ্ৰেপ্তাৰ কৰিবৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখ্য যে, যোৱা ৭ ফেব্ৰুৱাৰীৰ নিশা কাকৈ বনাঞ্চলৰ দীৰ্ঘা বন শিবিৰৰ পৰা নাতিদূৰৈত অৱস্থিত ওলমা দলংখনৰ সমীপত চোৰাং ব্যৱসায়ীয়ে পাঁচজোপাৰো অধিক মূল্যবান গছ অত‍্যাধুনিক কাঠ কটা মেচিনেৰে কাটি তথা ফালি চোৰাং ব্যৱসায়ৰ বাবে বনাঞ্চলখনৰ ভিতৰৰ পৰা উলিয়াই নিয়াৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও বন বিভাগৰ তৎপৰতাত কাঠখিনি বনাঞ্চলখনৰ পৰা উলিয়াই নিয়াত চোৰাং ব্যৱসায়ীৰ দলটো ব্যৰ্থ হৈছিল। ঘটনাৰ পিচদিনা পুৱাৰভাগত এজোপা শিঙৰি গছৰ কাঠক বাদ দি বন বিভাগৰ দলটোৱে বাকী সকলোবোৰ কাঠ জব্দ কৰি বন বিভাগৰ গোমনদীস্থিত নাৰ্ছাৰীলৈ বুলি উলিয়াই আনিবলৈ সক্ষম হৈছিল যদিও বিভাগটো ব্যৰ্থ হৈছিল শিঙৰি গছজোপাৰ কাঠৰ অনুসন্ধান উলিয়াবলৈ। সেই অনুসৰি যোৱাকেইটা দিনত জিলা বন বিভাগে কাকৈ বনাঞ্চলত চোৰাং কাঠ তথা ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল। উক্ত অভিযানৰে অংশৰূপে যোৱা নিশা বনাঞ্চলখনৰ পৰা উলিয়াই নিয়া কাঠখিনিৰ লগতে ট্ৰেক্টৰসহ সৰবৰাহকাৰী দুগৰাকীক বন বিভাগে আটক কৰিবলৈ সক্ষম হয়। যোৱা ৭ ফেব্ৰুৱাৰীৰ গছ কটা ঘটনাটো উল্লিখিত চোৰাং ব্যৱসায়ীকেইগৰাকীয়েই সংঘটিত কৰাৰ অভিযোগত আজি লখিমপুৰৰ বন প্ৰাধিকাৰী গৰাকীয়ে লখিমপুৰ আদালতত গোচৰ ৰুজু কৰিছে। (ফটো