লখিমপুৰ, ১৩ ফেব্ৰুৱাৰী ; লখিমপুৰৰ বৃহত্তৰ বঙালমৰা অঞ্চলত এতিয়াও চলি আছে নকল সোণৰ বৃহৎ সাম্ৰাজ্য । শেষ হোৱা নাই নকল সোণৰ ৰমৰমীয়া ব্যৱসায় । আই পি এছ আনন্দ মিশ্ৰ আহিল আৰু গ’ল, কিন্তু গোপনে চলিয়েই থাকিল লাখিমপুৰৰ বঙালমৰাৰ এই ক’লা সাম্ৰাজ্য । এই ক’লা সাম্ৰাজ্যত সোমবাৰে নিশা লখিমপুৰৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আই পি এছ অৰ্পনা এন’ৰ নিৰ্দেশত সদৰ আৰক্ষীয়ে অভিযান চলাই বঙালমৰাৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নকল সোণৰ নাও আৰু বিস্কুট ।সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুলুমণি দুৱৰাৰ নেতৃত্বত বঙালমৰাৰ বিভিন্ন প্ৰান্তত নকল সোণৰ বিৰুদ্ধে চলিল এই অভিযান । নাওবৈছা আৰু বঙালমৰা আৰক্ষীৰ যৌথ সহযোগত চলা এই অভিযানত বঙালমৰা,তিনঠেঙীয়া,দৌলতপুৰৰ পৰা উদ্ধাৰ হল ৩খন নকল সোণৰ নাও আৰু আঠ খন নকল সোণৰ বিস্কুট । নকল সোণৰ বিস্কুট প্ৰতিখনৰ ওজন প্ৰায় ২ৰ পৰা ৩ কিলোগ্ৰাম ।সোণৰ নাও কেইখনৰ ওজন প্ৰায় আঠ কিলোগ্ৰাম ।আৰক্ষীৰ এই অভিযান কালত দুজনক হাতে লোতে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা দুই প্ৰবঞ্চক ক্ৰমে মহঘুলীৰ বাবুল হুছেইন আৰু শ্বফিকুল ইছলাম বুলি জানিব পৰা গৈছে । আৰক্ষীৰ অভিযানত নকল সোণৰ নাও আৰু বিস্কুটৰ লগতে জব্দ কৰা হৈছে কেইবাটাও মোবাইল ফোন । সম্প্ৰতি নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । উল্লেখ যে নকল সোণৰ ব্যৱসায়ী বাবুল হুছেইনে বহিঃৰাজ্যৰ ভাৰতীয় সেনাৰ এজন জোৱানৰ পৰা নকল সোন দি প্ৰায় চাৰি লক্ষ্যধিক টকা আত্মসাত কৰিছিল । এই সেনা জোৱান জনৰ অভিযোগৰ ভিৰ্তিত আৰক্ষীয়ে অভিযান চলাইছিল।