বৰপেটা,২২ ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ গোৱৰ্ধনা উন্নয়ন খণ্ডৰ অধীনস্থ পশ্চিম হাউলী গাঁও পঞ্চায়তৰ আত্ম সহায়ক গোটৰ জীৱিকা সখী বাইদেউৱে মহিলা আত্ম সহায়ক গোটৰ মহিলা সকলৰ পৰা হকে বিহকে টকা আদায় লোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহিলা সকল। বৰপেটাৰোডৰ সমীপৰ বৰবৰীঝাৰ গাঁৱৰ জীৱিকা সখী বাইদেউ ৰৌচনাৰা খাতুনে আত্ম সহায়ক গোটৰ যিকোনো ফৰ্ম ফিলাপ কৰি দিয়াৰ নামত ৫/৬শ টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে চৰকাৰে আত্ম সহায়ক গোটক দিয়া লোনৰ পৰাও এই গৰাকী ধুৰন্ধৰ জীৱিকা সখী বাইদেউ ৰৌচনাৰা খাতুনে ৫ হাজাৰ টকা পৰ্যন্ত উৎকোচ লোৱা বুলিও অভিযোগ উত্থাপন কৰিছে আত্ম সহায়ক গোটৰ মহিলা সকলে। জীৱিকা সখী বাইদেউ ৰৌচনাৰা খাতুনে টকা নিদিলে কোনো কাম কৰি নিদিয়াৰ লগতে আত্ম সহায়ক গোটৰ মহিলা সকলক বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ কৰা বুলিও অভিযোগ উত্থাপন কৰে আত্ম সহায়ক গোটৰ মহিলা সকলে। জীৱিকা সখী বাইদেউ ৰৌচনাৰা খাতুনৰ পৰা গোটৰ মহিলা সকলে গোটৰ কিবা কামৰ বাবে জীৱিকা সখী বাইদেউ গৰাকীক চিঙৰা চাহেৰে ভালকৈ আপ্যায়ন কৰি বাইদেউক দিব লাগিব টকা । মুঠতে জীৱিকা সখী বাইদেউ ৰৌচনাৰা বেগমে টকা নাপালে বাইদেউক গোটৰ মহিলা সকলে ফোন কৰিলেও কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈছে । কালি সাতভনীটুপৰ ৰাজহুৱা খেলপথাৰত প্ৰায় ৫ শতাধিক আত্মসহায় গোটৰ সদস্যা সকলে সমবেত হৈ জীৱিকা সখী ৰৌচনাৰা খাটুন মূর্দাবাদ, ৰৌচনাৰা খাটুনক আমাক নালাগে নাৰী শক্তি জিন্দাবাদ আদি শীৰ্ষক শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। ঘোচখোৰ জীৱিকা সখী বাইদেউ ৰৌচনাৰা খাতুনক এইসকল আত্ম সহায়ক গোটৰ কোনো প্ৰয়োজন নাই বুলিও মুকলিকৈ অভিযোগ উত্থাপন কৰি ৰৌচনাৰা বেগমৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আত্ম সহায়ক গোটৰ মহিলা সকলে।