দক্ষিণ বৰপেটা ২২ ফেব্ৰুৱাৰীৰ : দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ কৃষকে কৰিছে বিঘাই বিঘাই উন্নত মানৰ ইৰি ধানৰ খেতি।ফাগুন মানেই যেন চঞ্চল, ফাগুন মানেই যেন কৃষকৰ বাবে পথাৰত ব্যস্ততা, এক নতুন দিগন্তৰ সূচনা কৃষকৰ। শীতৰ শেষত বসন্তৰ আগমণবছৰত,
ধূলিকণাৰ মাজতেই চৰাঞ্চলৰ কৃষক ব্যস্ত হৈ পৰিল পথাৰত।বৰপেটা জিলাৰ ধৰ্মপুৰ ভাতনাপাইতি চৰত
হাড় ভঙা পৰিশ্ৰমেৰে গাঁঠিৰ ধন খৰচ কৰি কঁকালত টঙালি বান্ধি কৃষকে পথাৰত আৰম্ভ কৰিছে খেতিৰ কাম।বজাৰত উপলব্ধ হোৱা প্ৰতিটো সামগ্ৰী অধিক মূল্যত ক্ৰয় কৰি কৰিবলগীয়া হৈছে এই সকল কৃষকে।
ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য , খাৰুৱা তেল ডিজেলৰ মূল্য বেছি হোৱাত বিমোৰত পৰিছে কৃষক ৰাইজ।চৰকাৰৰ আৰু কৃষি বিভাগৰ পৰাও এই সকল কৃষকে পোৱা নাই কোনো সুবিধা।পথাৰত খেতিৰ বাবে চৰকাৰেও ব্যৱস্থা কৰি দিয়া নাই পানী যোগান ধৰাৰ কোনো সুবিধা।চৰাঞ্চলৰ সকলো কৃষকে বজাৰৰ পৰা অধিক দামত ডিজেল ক্ৰয় কৰি পাৱাৰ-পাম্প মেচিনে দি দিবলগা হৈছে পথাৰত পানী। সকল কৃষক ৰাইজৰ দাবী, ৰাজ্য চৰকাৰ আৰু কৃষি বিভাগে যাতে অতি সোনকালেই চৰাঞ্চলৰ কৃষকৰ সুবিধাৰ্থে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনায়।