লখিমপুৰ, ২৩ ফেব্ৰুৱাৰী ; আগন্তক লোকসভা নিৰ্বাচনত অসমৰ বিবেকবান, ভুক্তভোগী ৰাইজে কংগ্ৰেছৰ পক্ষতে ভোটদান কৰিব । যোৱা তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত কংগ্ৰেছেই যুজঁ দিছে । অসমতো আপোনালোকে চাই থাকক , মই ভাবো যি সকল কৰ্মচাৰীয়ে পুৰণি পেঞ্চন পলিছি বিচাৰিছে ,যিসকল অংগনবাদীয়ে আন্দোলন কৰি আছে , যিসকল আশা কৰ্মীয়ে আন্দোলন কৰি আছে ,তেওঁলোকে আগন্তক নিৰ্বাচনত অন্ততঃ চিন্তা কৰিব । বিজেপিৰ বিৰুদ্ধে এইয়া কেৱল কংগ্ৰেছৰ যুজঁ নহয় । এইয়া আশাত ভজি বিজেপিক ভোট দিয়া ,নিষ্পেষিত ,বঞ্চিত ৰাইজৰ যুজঁ । আজি লখিমপুৰত জিলা সামাজিক মাধ্যমৰ এখনি সভাত অংশ গ্ৰহণ কৰিবলৈ আহি এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । তেওঁ কয় -ৰাজ্যত তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা সময়ছোৱাত বিজেপিয়ে যিদৰে নিৰ্বাচনত ৭খন আসন লাভ কৰিছিল সেই ফলাফলেই কংগ্ৰেছে লাভ কৰিবলৈ গৈ আছে । তেওঁ কয় -কংগ্ৰেছ দলে মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে দলীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰিব । ন-গাৱত কংগ্ৰেছৰ তিনি গৰাকী প্ৰাৰ্থীৰ বাবে আবেদন কৰা প্ৰাৰ্থী আছে । কংগ্ৰেছে দলৰ ফালৰ পৰা তিনিগৰাকীকে নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে চেষ্টা কৰি আছে বুলি বিজেপি দলক তীব্ৰ সমালোচনা কৰে । তেওঁ বিজেপিৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় -দেশত ১১ লাখ কোটি টকা উদ্যোগীৰ ঋণ মাফ কৰা বিজেপি চৰকাৰে ২লাখ কোটি কৃষকৰ ঋণ কিয় মাফ কৰিব নোৱাৰে । যাৰ বাবে ৰাজপথত আন্দোলন কৰি কৃষক মৰিব লগা হৈছে । গোটেই দেশত প্ৰত্যেক দিনে ৩৮ জন কৃষকে আত্মহত্যা কৰিছে । আনহাতে অসমত কংগ্ৰেছে বিগত ৭০ টা বছৰত যিমান টকা ঋণ লৈছে ,বিজেপিয়ে যোৱা ৭টা বছৰত দুগুণ টকা ঋণ লৈছে বুলি অভিযোগ কৰি উক্ত ঋণৰ টকা কত খৰছ কৰিছে বুলি প্ৰশ্ন কৰে । তেওঁ কয় -অসমৰ মুখ্যমন্ত্ৰীয়ে দৈনিক গড়ে ৬লাখ টকা হেলিকপ্টাৰত খৰছ কৰে । একেদৰে বিজ্ঞাপনত খৰছ কৰে ডেৰশ কোটি টকা আৰু মানুহৰ জীৱন ধাৰণৰ বাবে ১২ শ টকা ধাৰ্য কৰা হৈছে । এতিয়া নিৰ্বাচনৰ সময়, ৰাইজৰ মাজত অৰুনোদয়ৰ কথাও ওলাব আৰু বিজেপি আহিলে বিদেশী যাব সেইটো কথাও ওলাব । লগতে ওলাব ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাও । নিৰ্বাচনত গুৱাহাটীৰ কৃত্ৰিম বানপানী , লখিমপুৰৰ বানপানী ,গড়াখহনীয়াৰ কথাও ওলাব । ৰাইজে এই কথাবোৰ বিশ্লেষণ কৰাৰ সুযোগ পাব । আমি এইবোৰ ৰাইজৰ মাজলৈ লৈ যাম বুলি মন্তব্য কৰি ২০১৪ চনত কংগ্ৰেছৰ চৰকাৰ থাকোতে বিজেপিয়ে ৭খন আসনত জিকিছিল । ৯৮ চনত অগপ চৰকাৰ থাকোতে কংগ্ৰেছে ৮খন আসনত জিকিছে । তৰুণ গগৈ যেতিয়া অসমৰমুখ্যমন্ত্ৰী তেতিয়া বিজেপিয়ে ৭খন আসনত জিকিছে আৰু এতিয়া সেই ৰিজাল্ট হবলৈ গৈ আছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে । কংগ্ৰেছী নেতা বিজেপিলৈ যোৱাৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সভাপতি গৰাকীয়ে কয় – ১৯৮৩ চনৰ পৰা ৮৯ চনৰ ভিতৰত দৈনিক এজন কংগ্ৰেছী মানুহক হত্যা কৰা হৈছিল । লখিমপুৰত কংগ্ৰেছী লেখন লাহনক হত্যা কৰা হৈছিল । প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃক হত্যা কৰা হৈছিল । তথাপি ১৯৯১ চনত কংগ্ৰেছ ঘূৰি আহিছে । এতিয়াটো এজন দুজন মানুহ বিজেপিলৈ গৈছে । গুপ্তহত্যাৰ বিভীষিকা ,চৰাইপুং লক্ষীপথাৰৰ গনকবৰ উদ্ধাৰৰ পাছত কংগ্ৰেছৰ সংগঠন থকা নাছিল জানো বুলি মন্তব্য কৰি নামি দামী নেতা যোৱাৰ পাছতো কংগ্ৰেছৰ সংগঠন আছে বুলি কয় । তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক সমালোচনা কৰি কয় – বিজেপিৰ এই সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে গোটেই কাৰ্য কাল চুই বহি কটোৱা বুলি । এনে শুই বহি কটোৱা নেতাৰ কথা ৰাইজে বিচাৰ কৰিব বুলি দাবী কৰে