তিনিচুকীয়া,২৮ ফেব্ৰুৱাৰী: কালি তিনিচুকীয়া প্ৰেছ ক্লাৱত সাংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত প্ৰেৰণাত্মক বক্তা, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই বহু কেইটা বিস্ফোৰক তথ্য প্ৰকাশ কৰাৰ লগতে প্ৰায় সংখ্যক সাংবাদিকে জিলাখনত সংঘটিত হৈ থকা নিচামুক্তি কেন্দ্ৰৰ অনিয়ম সন্দৰ্ভত বহু গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। উল্লেখযোগ্য যে অসম সত্ৰ মহাসভা তিনিচুকীয়া জিলা সমিতি আৰু হিউমেনিটি ফাউণ্ডেশ্যন নামৰ এক সংগঠনৰ উদ্যোগত তিনিচুকীয়াৰ প্ৰায় পোন্ধৰ স্থানত ডঃ দিব্যজ্যোতি শইকীয়া মুখ্য বক্তা হিচাপে উপস্থিত থাকে। ডঃ শইকীয়াই তিনিচুকীয়া জিলাৰ উপৰি অৰুণাচল প্ৰদেশৰ নামচাইৰ লেকাং সমষ্টিৰ মহাদেৱপুৰত সদৌ লেকাং মহিলা সমিতি, লেকাং দিব্যাংগ সমিতি, লেকাং দেউৰী যুৱ ছাত্ৰ আৰু লেকাং মৰাণ ছাত্ৰ সংগঠনৰ উদ্যোগত বহুকেইটা অঞ্চলত তেওঁ কৰ্মশালাত প্ৰেৰণাত্মক বক্তা হিচাপে ভাগ লয়।
সাংবাদিকৰে হোৱা এক মত বিনিময় অনুষ্ঠানত আজি ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে ড্ৰাগছ গ্ৰহণৰ বাবে জিলা খনত বিবাহৰ বাবে উপযুক্ত যুৱকৰ অভাৱ বুলি তেওঁ কয়। অসম তথা দেশত আজিলৈকে যৌন জীৱন বিপদাপন্ন হোৱা দিশটো ডঃ দিব্যজ্যোতি শইকীয়াই ৰাজহুৱাকৈ পোহৰলৈ আনে। ডঃ শইকীয়াৰ পূৰ্বে কোনো সমাজ কৰ্মী আৰু সংগঠনে পোহৰলৈ এনে গম্ভীৰ বিষয় পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাছিল বুলি উপস্থিত সাংবাদিক সকলে উল্লেখ কৰে।
সাংবাদিকৰ এক প্ৰশ্নত তেওঁ কয় যে অবাধ ড্ৰাগছৰ প্ৰচলনৰ বাবেই যে জিলাখনত এইচ আই ভিৰ দৰে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে সেইটো তেওঁ নিশ্চিত কৰে। আনহাতে প্ৰায় সকলো সংবাদ মাধ্যমে নিচামুক্তি কেন্দ্ৰ সমূহে কেৱল ব্যৱসায়ৰ স্বাৰ্থত উক্ত কেন্দ্ৰ সমূহ চলায় আহিছে বুলি কৰা এক প্ৰশ্নত তেওঁ এইয়া আংশিক সত্য বুলি উল্লেখ কৰে যদিও কিছু নিচামুক্তি কেন্দ্ৰ তেনে নহয় বুলিও তেওঁ উল্লেখ কৰে।আজিৰ অনুস্থাত তেওঁৰ সৈতে তিনিচুকীয়া জিলা সত্ৰ মহাসভাৰ সম্পাদক আৰু হিউমেনিটি ফাউণ্ডেশ্যন নামৰ এটা সংস্থাৰ বিষয় ববীয়া মাহেন্দ্র বৰুৱা উপস্থিত থাকে।