টীয়ক, ২৯ফেব্ৰুৱাৰীঃঅহা ৯ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ আহিব।লাহদৈগড়স্থিত বীৰ লাচিত মৈডামত অসম চৰকাৰে প্ৰায় দেৰশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত প্ৰকল্পৰ অন্যতম আকৰ্ষণ বীৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্ত্তিৰ শুভ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।লগতে মেটেলি পথাৰত প্ৰায় দুই লাখ ৰাইজৰ উপস্থিতিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব।সেই লৈ জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ গৃহ বিভাগ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।পূৰ্ণ গতিত চলাইছে প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি।আজি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান লাচিত মৈডাম প্ৰাংগণত উপস্থিত হৈ যাৱতীয় ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে।লগতে দুইগৰাকী বিষয়াই প্ৰধানমন্ত্ৰীৰ আগমণৰ ক্ষেত্ৰত ল’বলগীয়া প্ৰয়োজনীয় ব্যৱস্থা সুচাৰুৰূপে সম্পাদন কৰিবলৈ জিলা আয়ুক্তকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়াক আহ্বান জনাই।ইপিনে হেলিকপ্তাৰেৰে লাচিত মৈডামত উপস্থিত হৈ স্থল পথে নাতি দূৰত থকা মেলেং পথাৰতো দুইগৰাকী বিষয়া উপস্থিত হৈ মেলেং পথাৰত পৰিদৰ্শন কৰি বিশেষকৈ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থাৰ ওপৰত জিলা আৰক্ষী অধীক্ষক তথা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয়।উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যোৰহাটলৈ আহিব।সেয়ে সমূহ যোৰহাটবাসীক প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।উজনি নামনিৰ সকলো ৰাইজৰ সুবিধা হোৱাকৈ প্ৰশাসনে গাড়ী ৰখাৰ স্থানকে ধৰি অন্যান্য সা সুবিধাৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।