লখিমপুৰ, ৪ মাৰ্চ : – লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ পথালিপাম বনখণ্ডৰ দুলুং সংৰক্ষিত বনাঞ্চলত ৰেলৰ খুন্দাত কৰুণ মৃত্যু হয় এজনী মাইকী হাতীৰ।আজি বিয়লি ৪ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত ৰঙিয়াৰ পৰা মুৰ্কংচেলেকলৈ যোৱা WDG4 12930 নম্বৰৰ উজনিমুৱা যাত্ৰীবাহী ৰেলৰ খুন্দাত হাতী জনীৰ কৰুণ মৃত্যু ঘটে। প্ৰত্যক্ষদৰ্শী ৰেল যাত্ৰী সকলে প্ৰকাশ কৰা মতে, দুলুং বনাঞ্চলত থকা উন্মুক্ত ৰেল লাইনত বিচৰণ কৰি থকা নিজৰ পোৱালিটোক বচাবলৈ গৈ হাতী জনীয়ে ৰেলৰ সন্মুখত নিজৰ প্ৰাণ দিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। আপ্ৰাণ চেষ্টা কৰিও ৰেলৰ চালকে হাতীজনীক ৰেলৰ খুন্দাৰ পৰা বচাব নোৱাৰিলে। যাৰফলত প্ৰায় দুশ মিটাৰ লৈকে ৰেলে হাতীক চোচৰাই নি মহতিয়াই পেলাই। ইতিমধ্যে ঘটনাস্থলীত স্থানীয় পথালিপাম বনখণ্ডৰ বন কৰ্মীৰ লগতে চাউলধোৱা আৰক্ষী চকীৰ আৰক্ষী দল উপস্থিত হৈ, এই ঘটনা ৰেল বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে সংঘটিত হৈছে বুলি দাবী কৰে। দুলুং বনাঞ্চলত উন্মুত্ত অৱস্থাত থকা ৰেল লাইনত যিকোনো ৰেল চলাচলত ইয়াৰ গতিবেগ কমাই, ইয়াৰ সীমা অতিক্ৰম কৰিবলৈ বাৰম্বাৰ জনোৱা পিছতো, ৰেলৱে বিভাগৰ অৱহেলাৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হৈছে। আনকি দুৰ্ঘটনাক লৈ ক্ষুদ্ধ হৈ পৰা পথালিপাম বনখণ্ডৰ বন বিষয়া মতিন আহমেদে ৰেলৰ ইঞ্জিন জব্দ কৰাৰ হুংকাৰ দি, ঘটনাৰ তদন্ত সম্পূৰ্ণ নকৰাকৈ যাত্ৰীবাহী ৰেলখনক ৰখাই থৈছে। আনহাতে এই ঘটনাক লৈ স্থানীয় স্বেচ্ছাসেৱী প্ৰকৃতিপ্ৰেমী সংগঠন দুলুং সোৱনশিৰি কনজাৰভেশ্বন চচাইটিয়ে দুখ প্ৰকাশ কৰাৰ লগতে, অসম চৰকাৰ তথা বন বিভাগক এই ঘটনাৰ বাবে চোকা ভাষাৰে সমালোচনা কৰিছে। উল্লেখ্য যে, আজিয়েই নহয়, ইয়াৰ পুৰ্বেও দুলুং সংৰক্ষিত বনাঞ্চলৰ মাজেদি যোৱা উন্মুক্ত ৰেল লাইনৰ বাবে কেইবাটাও বন্যহস্তীৰ ইতিমধ্যে কৰুণ মৃত্যু ঘটিছে। আৰু এনেধৰণৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ তথা ৰেল দুৰ্ঘটনাৰ পৰা বন্যজন্তুৰ অপমৃত্যু ৰোধ কৰিবলৈ দুলুং কনজাৰভেচন চছাইটিয়ে এলিফেণ্ট কৰিডৰ জ’ন স্থাপন কৰিবলৈ বাৰম্বাৰ আবেদন জনাই আহিছে, যদিও এই বিষয়ত অসম চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ বাবেই আজিৰ দৰে দুৰ্ঘটনা সংঘটিত হৈছে বুলি খেদ প্ৰকাশ কৰিছে
Home অসম আৰু উত্তৰপূব দুলুং বনাঞ্চলত ৰেলৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু,ৰেলৰ ইঞ্জিন জব্দ কৰাৰ হুংকাৰ বন...