দোতমা,১ মাৰ্চঃ সমাগত ২০২৪ ৰ লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনক লৈ গাঁৱে ভূঁঞে প্ৰচাৰ অভিযান অব্যাহত সাংসদ নৱ কুমাৰ শৰণীয়াৰ।আজি সংবাদমাধ্যমৰ লগত হোৱা এক সাক্ষাৎকাৰত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা মই নিৰ্বাচন খেলিমেই,দম আছে যদি মোৰ মনোনয়ন পত্ৰ বাতিল কৰি দেখুৱাওঁক ।কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ কোনোও প্ৰতিদ্বন্দ্বী হব নোৱাৰে বুলি মন্তব্য সাংসদগৰাকীৰ। অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰিবলৈও চৰকাৰক আহ্বান জনায় সাংসদগৰাকীয়ে।ইতিমধ্যে ভূৱা জনজাতিৰ জাতিগত প্ৰমাণ পত্ৰৰ বাবে আইনী মেৰপাকত আবদ্ধ হৈ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে আইনী প্ৰতিবন্ধকতা নেওচি সমষ্টিটোৰ পৰা মই আকৌ নিৰ্বাচন খেলিম ৷ তেওঁৰ বিৰুদ্ধে যোনেই যিমানেই ষড়যন্ত্ৰ নকৰক কিয় সেয়া কেতিয়াও সফল নহয়৷ ষড়যন্ত্ৰ ৰচিলেও মই নিৰ্বাচনত অৱতীৰ্ণ হম বুলি মন্তব্য সাংসদ শৰণীয়াৰ৷ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰও গ্ৰহণ হব আৰু নিৰ্বাচনতো জয়ী হম কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াৰ কোনো বিকল্প নাই বুলি মন্তব্য সাংসদগৰাকীৰ।হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো নৱ কুমাৰ শৰণীয়াৰ কেতিয়াও বিকল্প হ’ব নোৱাৰে।