লখিমপুৰ, ১৪ মাৰ্চ ; আজিও লখিমপুৰত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে । আজি লখিমপুৰত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও সাব্যস্ত কৰিলে নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে ।
বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহৰ পুত্তলিকা । এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বেলিকা আৰক্ষীয়েপ্ৰতিবাদকাৰী তিনি ছাত্ৰক আটক কৰি নিয়ে ।ইপিনে তৃনমুল কংগ্ৰেছৰ জিলা সমিতিয়েও দলীয় কাৰ্য্যালয়ৰ সন্মুখতে কা’ৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি লখিমপুৰ চহৰৰ মাজ মজিয়াত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ -কা বলবৎ কৰি ১কোটি ৯০ লাখ বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়া জাতি ধংসৰ ব্যৱস্থা কৰিছে । জাতিধংসী এই আইন আমি কেতিয়াও মানি নলও বুলি হুংকাৰ দিয়ে । ইপিনে আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰ নগৰৰ মাজ মজিয়াত কা’ৰ বিৰোধিতাৰে ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে । পাছত আৰক্ষীয়ে পতাকা সমূহ প্ৰতিবাদকাৰী সকলৰ পৰা কাঢ়ি নিয়ে