লখিমপুৰ, ১৪ মাৰ্চ ; মিচিং স্বায়ত্ব পৰিষদৰ ১০ বছৰীয়া কাৰ্যকালৰ খতিয়ান প্ৰকাশ আৰু মুকলি মত বিনিময়ৰ উদ্দেশ্যে প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন সমাবেশখনি লখিমপুৰৰ ২৪ নং ৰঙানদী সমষ্টিত অনুষ্ঠিত হয় । ৰঙানদী পাৰৰ পোতাবিলত অনুষ্ঠিত উক্ত সমাবেশত পৰিষদৰ ২৪ নং পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে বিগত ১০ বছৰৰ কাৰ্যকালত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কৰা কামৰ খতিয়ান দাঙি ধৰে । তেওঁ কয় – বিগত কেইটা বছৰত পৰিসদীয় সমষ্টিটোত মুঠ ১৭০ টা নির্মাণকাৰ্য সম্পাদন হৈছে । ইয়াৰ ভিতৰত ৪৪খন বিদ্যালয়ৰ চৌহদৰ পকী বেৰা,নিৰ্মানকে ধৰি বিদ্যালয়ৰ উন্নতিকৰণ কৰা হৈছে । ৫৮টা নামঘৰলৈ পুঁজি আবন্টন কৰা হয় । আনহাতে ৰোগী,ছাত্ৰ শিপিনী প্ৰাকৃতিক দুৰ্যোগত আক্রান্তকে ধৰি ৬হেজাৰ হিতাধিকাৰী উপকৃত হৈছে বুলি উল্লেখ কৰে । সমাবেশত মিচিং স্বায়ত্বশাসিত পৰিষদসন্মিলিত গণশক্তি, অসমৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সংগঠনিক সম্পাদক দিলীপ কাকতি, কেবিধৰ নৰহ, গায়ক দেৱ টাইড, টি.এম.পি.কে.ৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক বিজিত পায়েং, এম.এম.কে.ৰ সম্পাদক মনমোহন পেগু উপস্থিত থাকে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃষক ৰজত পাৱেক সম্বৰ্দ্ধনা জনোৱা হয়

Home অসম আৰু উত্তৰপূব মিচিং স্বায়ত্বশাসিত পৰিষদৰ ১০ বছৰীয়া কাৰ্যকালৰ খতিয়ান প্ৰকাশ আৰু মুকলি মত বিনিময়ৰ...