লখিমপুৰ, ১৫মাৰ্চ: সদৌ লখিমপুৰ জিলা নাগৰিক সমাজৰ এটি সজাঁতী দলে মুৰ্কংচেলেকৰ পৰা গুৱাহাটীলৈ দিনৰ ভাগত ৰে’ল সেৱা সুচল কৰাৰ দাবীত উত্তৰ লখিমপুৰ ৰেল’ৱেৰ আস্থান অধীক্ষকৰ জৰিয়তে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধকলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰা কাৰ্যক অসম তথা লাক্ষীমপুৰৰ সন্তান ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই ভূয়সী প্ৰশংসা কৰিছে। সদৌ লখিমপুৰ জিলা নাগৰিক সমাজৰ সভাপতি শশীধৰ দেউৰী আৰু সাধাৰণ সম্পাদক কাব্যপ্ৰাণ ৰূপজ‍্যোতি দত্ত কোচৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত উল্লেখ কৰে যে-“অসমত ৰে’ল সেৱাৰ ব্যৱস্থা দিনক দিনে নিম্নগামী হৈ আহিছে। বিশেষকৈ ক’ভিডৰ অজুহাতত কেইবাখনো যাত্ৰীবাহী ৰে’ল কৰ্তন আৰু ভাৰাবৃদ্ধিয়ে উত্তৰ অসমৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰে’ল যাত্ৰী সকলক হাৰাশাস্তিৰ সন্মুখীন কৰি আহিছে। লক ডাউনৰ সময়ত সমগ্ৰ ৰাজ‍্যখনত ১৩ খনকৈ ৰে’ল বাতিল কৰা হ’ল যদিও আজিকোপতি সেই ৰে’ল সমূহ পুনৰ চলাচলৰ ব্যৱস্থা গ্ৰহণ নাই। বিশেষকৈ জোনাই, ধেমাজি, লখিমপুৰকে ধৰি উত্তৰ অসমৰ ৰে’ল যাত্ৰী সকলৰ দিনৰ ভাগত ৰে’ল সেৱা সুচল নহয়। উত্তৰ অসমৰ ৰে’ল যাত্ৰী সকলে দিনৰ ভাগত গুৱাহাটীলৈ যাবলৈ অনতিপলমে কমেও দুখন ৰে’ল চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কৃষক, শ্ৰমিক, ব্যৱসায়ী, শিক্ষাৰ্থী, ৰোগীকে ধৰি উত্তৰ অসমৰ ৰে’ল যাত্ৰী সকলে আজি সুদীৰ্ঘ বছৰধৰি দিনৰ ভাগত সুচল ৰে’ল সেৱাৰ পৰা বঞ্চিত হৈ আহিছে। অন্তত: মুৰ্কংচেলেকৰ পৰা গুৱাহাটীলৈ কমেও দুখন ৰে’ল চলাচলৰ ব্যৱস্থা কৰিলে উত্তৰ অসমৰ ৰে’ল যাত্ৰী সকলৰ কিছু সকাহ হ’ব। লক ডাউনৰ পিছত পুৰণি পেছেঞ্জাৰ ৰে’লক স্পেছিয়েল বুলি কৈ ভাৰা তিনিগুন বৃদ্ধি কৰিলে। এই কথা কোনোপধ্যেই গ্ৰহণযোগ‍্য হ’ব নোৱাৰে বুলি উল্লেখ কৰি উক্ত ভাৰা শীঘ্ৰেই হ্ৰাস কৰিবলৈ দাবী উত্থাপন কৰে। জ‍্যেষ্ঠ নাগৰিক সকলৰ বাবে থকা বিশেষ ৰেহাই ব্যৱস্থা পূৰ্বৰ দৰেই বাহাল ৰাখিবলৈয়ো আহ্বান জনায়। ইফালে বহু ষ্টপেজ উঠাই দি জনসাধাৰণক ৰে’ল সেৱাৰ পৰা বিমুখ কৰা হ’ল। কৰবাত যদি চাহিদা অনুসৰি ৰে’ল নাই কৰবাত আকৌ ৰে’ল চলি আছে যাত্ৰী উঠাৰ সুবিধা ৰখাহোৱা নাইকিয়া। উক্ত সমস্যা সমূহৰ অনতিবিলম্বে সামাধান বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অন্যহাতে ডিব্ৰুগড়, লখিমপুৰ, কলকাতাৰ ছুপাৰ ফাষ্ট ট্ৰেইন ঘোষণা কৰাৰ পাছতো আজি পৰ্যন্ত চলাচল কৰা নহ’ল। অতি শীঘ্ৰেই ডিব্ৰুগড়, লখিমপুৰ, কলকাতা ছুপাৰ ফাষ্ট ট্ৰেইন সেৱা মুকলি কৰিবলৈও দাবী জনাইছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য প্ৰৱন্ধক স্মাৰক পত্ৰৰ জৰিয়তে সদৌ লখিমপুৰ জিলা নাগৰিক সমাজৰ উপদেষ্টা ড০ হামিদুৰ ৰহমান, সভাপতি শশীধৰ দেউৰী, কাৰ্যকৰী সভাপতি গোলাপী বৰা, উপ-সভাপতি ধৰ্মেন্দ্ৰ বৰা, সহকাৰী সম্পাদিকা ৰেখা শৰ্মা হাজৰিকা, সাংস্কৃতিক সম্পাদিকা দিপা দাস হাজৰিকা, কাৰ্যনিৰ্বাহক অনুৰূপা বৰাই জোনাই, ধেমাজি, লখিমপুৰকে ধৰি উত্তৰ অসমৰ যাত্ৰী সকল গুৱাহাটীলৈ যাতায়তৰ বাবে দিনৰ ভাগত দুখন আৰু সন্ধিয়া ভাগত এখন ৰে’ল চলোৱাৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে। স্মাৰক পত্ৰ গ্ৰহণ কৰি উত্তৰ লখিমপুৰ ৰে’লৱেৰ আস্থান অধীক্ষক মৃদুল ডেকাই বিষয়টো উদ্ধতম কতৃপক্ষক অৱগত কৰি শীঘ্ৰেই দিনৰ ভাগত ৰে’ল সেৱা সুচল হ’ব বুলি উল্লেখ কৰে। এই সন্দৰ্ভত উত্তৰ পূব ৰেল বিভাগক বিষয় টি গুৰুত্ব সহকাৰে লৈ সাধাৰণ জনতাৰ এনে এক সমস্যা জৰুৰী ভাবে সমাধা কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ ডঃ দিব্যজ্যোতি শইকীয়াই আহ্বান জনায়।