মৰিগাঁও,১৫ মাৰ্চ:মৰিগাঁও জিলাৰ কৃষক ৰাইজৰ লগতে অসমৰ কৃষি খণ্ডৰ বাবে এক অত্যন্ত উৎসাহজনক আৰু সুখবৰ! মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ অধীনস্থ ৰজামায়ং কৃষি চক্ৰৰ অন্তৰ্গত প্ৰগতিশীল কৃষক সকলৰ দ্বাৰা উৎপাদিত ৰঙালাও বিহাৰ সীমান্তৰে নেপাললৈ ৰপ্তানি। আজি জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ উপস্থিতিত প্ৰায় ২৯ মেট্ৰিক টন ৰঙালাও অসমৰ পৰা বিহাৰ সীমান্তৰে নেপাললৈ ৰপ্তানি কৰা হয়। উল্লেখ্য যে ৰজামায়ং কৃষি চক্ৰৰ অধীনৰ শিলডুবিত প্ৰায় ৩০ বিঘা, গৰুবন্ধাত ৩৫ বিঘা, আশিগড়ত ৫০ বিঘা, গৰৈমাৰীত ৩০ বিঘা আৰু মৰিসূতীটুপ গাঁৱত ৩৫ বিঘা মাটি সামৰি প্ৰায় ১৮০ বিঘা মাটিত একাংশ প্ৰগতিশীল কৃষকে জিলা কৃষি বিভাগৰ উদ্যোগত ৰঙালাওৰ খেতি কৰি উৎপাদিত ৰঙালাও আজি বিদেশলৈ বজাৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰম্ভ কৰা ৰঙালাও খেতিয়ে স্থানীয় তথা অসমৰ বজাৰত সমাদৰ লাভ কৰাৰ পিছতেই আজি কৃষক সকলে উৎপাদিত ৰঙালাও বিদেশৰ বজাৰলৈ ৰপ্তানি কৰি আনন্দ প্ৰকাশ কৰাৰ লগতে ৰঙালাও খেতিৰ দ্বাৰা অধিক স্বাৱলম্বী হ’ব পাৰিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ লগতে ৰঙালাও ৰপ্তানিৰ দ্বাৰা ৰাজ্যখনৰ কৃষি অৰ্থনীতিত এক নতুন বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হ’ব বুলি কৃষক সকল দৃঢ় বিশ্বাসী।