উত্তৰ গুৱাহাটী, ১৭মাৰ্চঃনিৰ্বাচনী তাৰিখ ঘোষণাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত কৰাকলৈ তৎপৰ কামৰূপ জিলা নিৰ্বাচনী কায্যালয় । তাৰেই পৰিপ্ৰেক্ষিতত আজি ৰবিবাৰে আয়োজিত হল কামৰূপ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত কৃৰ্তী জল্লীৰ সংবাদ মেল । কামৰূপ জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টি ক্ৰমে ছমৰীয়া, বকো- ছয়গাওঁ, শুৱালকুছি- হাজো আৰু পলাশবাৰী সমষ্টি। ৪ টা সমষ্টিৰ মুঠ ভোটাৰ ৮ লাখ ৩৪ হাজাৰ ৪৬৮ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৪,১৬,৩২৪ গৰাকী , মহিলা ভোটাৰ ৪,১৮,১২৪ গৰাকী। মুঠ ভোট গ্ৰহন কেন্দ্ৰ ৯৬৫ টা আৰু মহিলা ভোট গ্ৰহন কেন্দ্ৰ ১৯টা । স্পৰ্শকাতৰ ভোট গ্ৰহন কেন্দ্ৰ ১৮৩ টা । নিৰ্বাচনী গতিবিধি নিৰীক্ষন আৰু ব্যবস্থা গ্ৰহনৰ বাবে ইতিমধ্যে সংশ্লিষ্ট পক্ষ কামত লাগিছে । কামৰূপ আয়ুক্ত কাৰ্যালয়ত আয়োজিত সংবাদমেল সম্বোধি এইদৰে কয় নিৰ্বাচনী বিষয়া তথা আয়ুক্ত কীৰ্তি জল্লীয়ে