লখিমপুৰ,১৭ মাৰ্চ: অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে লখিমপুৰ জিলা প্ৰশাসন ৷ আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি এখনি সংবাদমেল অনুষ্ঠিত হয় ৷ সংবাদমেলত জিলা আয়ুক্ত গায়ত্ৰী হাইলিংগে প্ৰকাশ কৰা তথ্যানুসৰি এইবাৰ ৯ টা বিধানসভা সমষ্টিৰে পৰিৱেষ্টিত লখিমপুৰ সংসদীয় সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১৫,৬৯৫৩১ গৰাকী ৷ ইয়াৰে ৭৪ নং ৰঙানদী বিধানসভা সমষ্টিত ১৬৯৮৫৫ গৰাকী ,৭৫ নং নাওবৈচা (অনুসূচিত) বিধানসভা সমষ্টিত ১৬৮৫১১ গৰাকী ,৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিত ১৬৬৫০৯ গৰাকী ,৭৭ নং ঢকুৱাখনা (অনুসূচিত জনজাতি) বিধানসভা সমষ্টিত ১৬০৮৯৬ গৰাকী ,৭৮ নং ধেমাজি ( অনুসচিত জনজাতি) বিধানসভা সমষ্টিত ১৭১৬০২ গৰাকী ,৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টিত ১৭৫২০২ গৰাকী ,৮০ নং জোনাই( অনুসূচিত জনজাতি ) বিধানসভা সমষ্টিত ২১৪০৯৫ গৰাকী ,৮১ নং শদিয়া বিধানসভা সমষ্টিত ১৯৯৬৬৫ গৰাকী আৰু ৮২ নং ডুমডুমা বিধানসভা সমষ্টিত ১৪৩১৯৬ গৰাকী ভোটাৰ আছে ৷ সবৰ্মুঠ ১৫৬৯৫৩১ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ হৈছে ৭৮১৭৯৪ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৭৮৪৪৩২ গৰাকী ৷এইবাৰ লখিমপুৰ সমষ্টিটোত প্ৰথমবাৰৰ বাবে ভোটদিব লগা ভোটাৰৰ সংখ্যা ১৩৫৮২ গৰাকী ৷ সমষ্টিটোত তৃতীয়লিংগৰ ভোটাৰৰ সংখ্যা ১৫ গৰাকী ৷সমষ্টিটোত সৰ্বমুঠ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা ১৭৭৫ টা ৷ ইয়াৰে ৰঙানদী সমষ্টিত ১৮৫ টা , নাওবৈচাত ১৮৭ টা ,লখিমপুৰত ১৮১ টা ,ঢকুৱাখনাত ১৯৮ টা ,ধেমাজিত ১৯২ টা ,চিচিবৰগাঁৱত ২০১ টা ,জোনাইত ২৩৩ টা ,শদিয়াত ২৩৭ টা আৰু ডুমডুমাত ১৬১ টা ভোটগ্ৰহন কেন্দ্ৰ স্হাপন কৰা হৈছে ৷ উল্লেখযোগ্য যে , সংসদীয় সমষ্টিটোত লখিমপুৰ জিলাৰ অন্তৰ্ভুক্ত ৫ টা বিধান সমষ্টি ক্ৰমে লখিমপুৰ ,নাওবৈচা ,ৰঙানদী ,বিহপুৰীয়া আৰু ঢকুৱাখনা বিধানসভা সমষ্টি ৷ আনহাতে ২০ মাৰ্চত অধিসূচনা জাৰি কৰা হ’ব আৰু ২৭ মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিমদিন ধাৰ্য কৰা হৈছে ৷২৯ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষাৰ বিপৰীতে ৩০ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমদিন ধাৰ্য কৰা হৈছে ৷ ১৯ এপ্ৰিলত অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ৪ জুনত ঘোষণা কৰা হ’ব ৷ আজি সংবাদমেলত জিলা আয়ুক্ত গায়ত্ৰী হাইলিংগে , আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন ,জিলা নিৰ্বাচনী বিষয়া গুঞ্জন শৰ্মা প্ৰমুখ্যে বিষয়াসকলে অংশগ্ৰহণ কৰে