লখিমপুৰ, ১৬ মাৰ্চ — সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ৰাজনৈতিক দলসমূহে বিভিন্ন লোকসভা সমষ্টিৰ বাবে দলীয় প্রার্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে যদিও কংগ্ৰেছ দলে আজিকোপতি ১২ নং লখিমপুৰ সংসদীয় সমষ্টিৰ বিপৰীতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই। দলটোৱে যদিওবা এইপৰ্যন্ত সমষ্টিটোৰ বিপৰীতে প্ৰাৰ্থীত্ব পাবলগা প্ৰাৰ্থীগৰাকীৰ নাম ৰাজহুৱা কৰা নাই তথাপি দলটোৰ পৰা এইবাৰ প্ৰাৰ্থীত্ব লাভ কৰিব বুলি অধিক আত্মবিশ্বাসেৰে আজি লখিমপুৰত সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা লখিমপুৰ লোকসভা সমষ্টিৰ বিপৰীতে হাইকামাণ্ডলৈ বুলি প্ৰেৰণ কৰা তালিকাত নাম সন্নিবিষ্ট থকা উদয় শংকৰ হাজৰিকাই। দলীয় সূত্র অনুসৰি দলটোৱে লখিমপুৰ সমষ্টিত দলীয় প্রার্থী নির্বাচনৰ বেলিকা এখন তয়াময়া যুঁজত অৱতীর্ণ হ’বলগীয়া হৈছে। যুঁজখনৰ মুখ্য কাৰক হৈছে প্রাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহ আৰু দলীয় প্রার্থিত্বপ্রত্যাশী উদয় শংকৰ হাজৰিকা। জানিব পৰা মতে, প্রদেশ কংগ্ৰেছৰ তৰফৰ পৰা হাইকমাণ্ডলৈ প্রেৰণ কৰা তালিকাত লখিমপুৰ লোকসভা সমষ্টিৰ বাবে কেৱল উদয় শংকৰ হাজৰিকাৰ নামটোহে প্রেৰণ কৰা হৈছিল। কিন্তু প্রাক্তন সাংসদ ৰাণী নৰহে দিল্লীত তেওঁৰ দলীয় প্ৰাৰ্থীত্বৰ বাবে বৰ্তমান তীব্ৰ হেঁচা প্রয়োগ কৰিছে। প্রাক্তন সাংসদ তথা কেন্দ্রীয় মন্ত্রীৰূপে এইবাৰ দলীয় টিকট পাব লাগে বুলি ৰাণী নৰহে দিল্লীত হেঁচা প্রয়োগ কৰিছে যদিও প্রদেশ কংগ্রেছ তথা সমষ্টিটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ গৰিষ্ঠ সংখ্যকেই দলটোৰ তৰফৰ পৰা প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত এইবাৰ সমষ্টিটোৰ বিপৰীতে নতুন মুখ বিচাৰিছে। উল্লেখ্য যে, কেইমাহমানৰ আগতে বিজেপি দল ত‍্যাগ কৰি কংগ্রেছত যোগদান কৰা উদয় শংকৰ হাজৰিকাক তেওঁৰ যোগদানকালত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইবাৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ বিপৰীতে টিকট প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। এনে এক পৰিস্থিতিত বৰ্তমান সমষ্টিটোৰ প্ৰাৰ্থী বাছনিক লৈ একপ্ৰকাৰ দোদুল‍্যমান পৰিস্থিতিৰ সন্মুখীন হৈছে কংগ্ৰেছ হাইকামাণ্ড। ইফালে আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে অহা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিচতো লখিমপুৰ লোকসভা সমষ্টিৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাত একপ্ৰকাৰ উৎকণ্ঠিত হৈ পৰিছে সমষ্টিটোৰ কংগ্ৰেছ নেতা-কৰ্মীসকল। আজিপৰ্যন্ত দলীয়ভাৱে যদিওবা সমষ্টিটোৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই তথাপি আজি উদয় শংকৰ হাজৰিকাই সংবাদ মাধ্যমৰ আগত তেঁৱেই ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বুলি ঘোষণা কৰে। লখিমপুৰত সংবাদ মাধ্যমেৰে হোৱা এক মুখামুখি অনুষ্ঠানত হাজৰিকাই কয়, লখিমপুৰ লোকসভা সমষ্টি এইবাৰ কংগ্ৰেছ কৰ্মীসকলে এক উপহাৰ হিচাপে পাব। অহা কালিলৈ কংগ্ৰেছ দলে মোৰ নাম প্ৰাৰ্থী ৰূপে ঘোষণা কৰিব। ইয়াক লৈ মই গভীৰ আত্মবিশ্বাসী। আমি এইবাৰ নিশ্চিতভাৱে জয়লাভ কৰিম। তেওঁ লগতে কয়, কংগ্ৰেছ দলে এইবাৰ নতুন মুখৰ প্ৰাৰ্থীৰ সন্ধান কৰিছে। সেয়েহে আমাৰ স্পষ্ট কথা এইযে কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলো এইবাৰ যদিহে একত্ৰিত হৈ থাকো তেন্তে কোনো দলেই কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰিব নোৱাৰে। অসমত বিজেপিৰ কোনো গণভিত্তি নাথাকোতেও মই ১৯৯১ চনত যিমান ভোট পাইছিলোঁ তাৰ তুলনাত এইবাৰ গণভিত্তি থকা কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ নিশ্চিতভাৱে জয়ী হ’ম।