লখিমপুৰ, ১৬ মাৰ্চ — লখিমপুৰ জিলাৰ বন বিভাগৰ বিষয়া-কৰ্মীৰে গোপন বুজাবুজি কৰি লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ নামনি অংশত থকা শিল-বালি মহলটোৰ মহলদাৰ অজিত বৰুৱাই বন বিভাগৰ সকলো নীতি-নিৰ্দেশনাক জলাঞ্জলী দি কোৱেৰীটোৰ দাঁতিকাষৰত অৱস্থিত ৰে’ল দলংখনৰ তলত অবৈধভাৱে শিল-বালিৰ খনন অব্যাহত ৰখা কাৰ্যই স্থানীয় ৰাইজক ক্ষোভিত কৰি তুলিছে। জানিব পৰা মতে, ৰে’ল দলংখনৰ পকী খুঁটাৰ সমীপতে দৈনিক দুখনকৈ এক্সকেভেটৰৰ জৰিয়তে মহলদাৰগৰাকীয়ে শিল-বালিৰ খনন অব্যাহত ৰখা দৃশ্য সাধাৰণ ৰাইজৰ দৃষ্টিগোচৰ হৈ আহিছে যদিও এইক্ষেত্ৰত বন বিষয়া-কৰ্মীসকলে কিন্তু ৰহস্যজনক নিৰৱতাহে অৱলম্বন কৰি আহিছে। অবৈধ ধন লুণ্ঠনৰ স্বাৰ্থত দুৰ্নীতিকে নীতিত পৰিণত কৰি অহা এইগৰাকী মহলদাৰে বিনা চালানত শিল-বালি বিক্ৰী কৰি অহাৰো অভিযোগ উঠিছে। তথ্যমতে, ৰে’ল দলঙেই হওক কিম্বা স্থলপথৰ দলঙেই হওক, কোনো কাৰণতে এনে দলঙৰ কাষত শিল-বালিৰ খনন কোনো মহলদাৰেই চলাব নোৱাৰে। বন বিভাগৰ নিৰ্দেশনা মতে, এনেবোৰ পকী দলঙৰ পৰা ৫০০ মিটাৰ নিলগতহে শিল-বালিৰ খনন মহলদাৰসকলে চলাব লাগে। পিচে বিভাগীয় এনে নিৰ্দেশনাক পদদলিত কৰি বৰ্তমান ডিক্ৰং নদীৰ নামনি অংশৰ কোৱেৰীটোৰ মহলদাৰ অজিত বৰুৱাই ৰে’ল দলংখনৰ তলতে শিল-বালিৰ খনন অব্যাহত ৰখা দৃষ্টিগোচৰ হৈছে। এইক্ষেত্ৰত মহলদাৰগৰাকীক লখিমপুৰৰ বন প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰী আৰু হাৰমতীৰ আঞ্চলিক বন বিষয়া গুণজিৎ তালুকদাৰে মোটা অংকৰ উৎকোচ লৈ সহায়-সহযোগিতা আগবঢ়াই অহাৰ ৰাজহুৱা অভিযোগ উঠিছে। সম্প্ৰতি বন বিষয়া-কৰ্মীৰ সহযোগিতাত নদীখনৰ ৰে’ল দলংখনৰ তলত মহলদাৰগৰাকীয়ে নিতৌ দুই-তিনিখনকৈ এক্সকেভেটৰ লগাই শিল-বালিৰ খনন অব্যাহত ৰখাত দলংখনৰ ভৱিষ্যত স্থায়ীত্বকলৈ ৰাইজ সন্দিহান হৈ পৰিছে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক বহুবাৰ অভিযোগ দাখিল কৰিছে যদিও আজিকোপতি এইক্ষেত্ৰত বিভাগে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই।