লখিমপুৰ, ১৯ মাৰ্চ ; লখিমপুৰৰ লালুকত আজি তাই আহোম যুৱ পৰিষদে পথ অৱৰোধ কাৰ্যসূচীৰে কা’ বিৰুদ্ধে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তাই আহোম যুৱ পৰিসদৰ স্পষ্ট মত- কোনো কাৰণতে নাগৰিকত্ব আইন তেওঁলোকে মানি নলয় । পৰিষদৰ নেতা কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰে । প্ৰতিবাদী কাৰ্য সূচীত তাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাসক সদস্য লোহিত শইকীয়া , জিলা সমিতিৰ কাৰ্যকৰি সভাপতি যদুমনি বৰুৱা, যুটীয়া সম্পাদক মুন সিং গগৈ লালুক আঞ্চলিক সমিতিৰ ধ্ৰুৱজ্যোতি গগৈ সম্পাদক বিকাশ বৰুৱা উপস্থিত থাকে