লখিমপুৰ, ১৯ মাৰ্চ — গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ চাউলধোৱাত একাংশ শিল-বালি মাফিয়াই চলোৱা দৌৰাত্ম্যৰ পৰিণতিত আগন্তক বাৰিষাত নদীখনে সুঁতি সলনিৰে নৈপৰীয়া অঞ্চলসমূহৰ আৰ্থ-সামাজিক ভেঁটি তচনচ কৰাতো নিশ্চিত হৈ পৰিছে। সম্প্ৰতি সোৱণশিৰি নদীখনত ছটাকৈ শিল-বালি মহল চলি আছে। এই মহলসমূহ হৈছে গেৰুকামুখ শিল-বালি মহল, মানিকা শিল-বালি মহল, তামুলী শিল-বালি মহল, দিৰপাই তামুলি শিল-বালি মহল, নামনি সোৱণশিৰি শিল-বালি মহল আৰু ভীমপৰা শিল-বালি মহল। ইয়াৰে গেৰুকামুখ মহল, মানিকা মহল, দিৰপাই তামুলি মহল আৰু তামুলী শিল-বালি মহলকেইটা ধেমাজি জিলা বন বিভাগৰ অধীনস্থ হোৱাৰ বিপৰীতে নামনি সোৱণশিৰি আৰু ভীমপৰা শিল-বালি মহল দুটা লখিমপুৰ জিলা বন বিভাগৰ অন্তৰ্গত। জানিব পৰা মতে, গেৰুকামুখ শিল-বালি মহলটো স্থানীয় ঠিকাদাৰ ভক্ত মোহন হাজৰিকাৰ দায়িত্বত আছে। মানিকা শিল-বালি মহলটো পথ-দলং নিৰ্মাণকাৰী সংস্থা বি আৰ চি কোম্পানী, দিৰপাই তামুলি শিল-বালি মহলটো দুৰ্নীতিগ্ৰস্ত নিৰ্মাণকাৰী সংস্থা শিৱম কনষ্ট্ৰাকচন লিমিটেডে আৰু তামুলী শিল-বালি মহলটো দেৱজিৎ গগৈ নামৰ অধীনত আছে। অৱশ্যে তামুলি শিল-বালি মহলটো মহলদাৰে মহলটোৰ বিপৰীতে প্ৰতিমাহে আদায় দিবলগা ধন আজিকোপতি আদায় দিব নোৱাৰাত মহলটো বন বিভাগে সম্প্ৰতি বন্ধ কৰি থৈছে। একেদৰে লখিমপুৰ জিলাৰ অন্তৰ্গত নামনি সোৱণশিৰি শিল-বালি মহলটো নাহাথা কোম্পানী আৰু ভীমপৰা শিল-বালি মহলটো ৰাণাদেৱ শইকীয়াৰ অধীনত আছে। পিচে ইয়াৰে মানিকা শিল-বালি মহলটো বি আৰ চিক বন বিভাগে তেওঁলোকৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিবৰ বাবেহে শিল-বালি উঠোৱাৰ অনুজ্ঞাপত্ৰ দিছে যদিও বি আৰ চিয়ে বৰ্তমান নিতৌ শ শ কিউবিক মিটাৰ শিল-বালি চোৰাংকৈ বিক্ৰী কৰি অহাৰ অভিযোগ উঠিছে। বি আৰ চিয়ে সোৱণশিৰি নদীৰ বক্ষত বৰ্তমান ফকলেণ্ড আৰু জে চি বিৰে ২০-৩০ ফুটপৰ্যন্ত নদীৰ ভূ-গৰ্ভ বিদাৰি শিল-বালি খান্দি থকাৰ লগতে নদীৰ পাৰবোৰতো শিল-বালি খান্দি বন আইন উলংঘা কৰি আহিছে। আনকি সোৱণশিৰি নদীৰ নিৰ্মল জলধাৰাকো কোম্পানীটোৱে বোকাময় কৰি নদীখনত জলচৰ প্ৰাণীৰ বিচৰণ আৰু প্ৰজননত বাধাৰ সৃষ্টি কৰাৰো অভিযোগ উঠিছে। উল্লেখ্য যে, মানিকা শিল-বালি মহলৰ এক কিলোমিটাৰমান নিলগত সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰ এটি কাৰ্যালয় আছে যদিও জনৈক দলে উপাধিৰ বন বিষয়া গৰাকীয়ে ৰহস্যজনক কাৰণত বি আৰ চিৰ এই অপকৰ্ম দেখিও নেদেখাৰ ভাও জুৰি আহিছে। মহলটোৰ পৰা চালানবিহীনভাৱে নিতৌ শ শ কিউবিক মিটাৰ শিল-বালি সৰবৰাহ হৈ আছে যদিও ইয়াৰ বিৰুদ্ধেও সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰ বন বিষয়া-কৰ্মচাৰীসকলে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ একেদৰে তামুলি দিৰপাই শিল-বালি মহলটো বন বিভাগে নিৰ্মাণকাৰী সংস্থা শিৱমক তেওঁলোকৰ যিকোনো নিৰ্মাণ কাৰ্যৰ বাবে শিল-বালি উঠাবলৈ অনুজ্ঞাপত্ৰ দিছে। কিন্তু পথ-দলং নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতি-অনিয়ম সংঘটিত কৰি অহা শিৱম কন্‌ষ্ট্ৰাকশ্বনে বৰ্তমান সোৱণশিৰিৰ বক্ষ ভেঁটি অবৈধভাৱে শিল-বালি সংগ্ৰহ কৰি আছে। বৰ্তমান শিৱমে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ পৰা মাথোঁ দুশ মিটাৰ নামনিত সোৱণশিৰিৰ বাঁওপাৰে প্ৰায় আধা কিলোমিটাৰ বান্ধ বান্ধি লৈ অবাধ গতিত শিল-বালি সংগ্ৰহ কৰি আছে ৷ দুৰ্নীতি-অনিয়মকে নিয়মৰূপে মানি চলা শিৱম কন্‌ষ্ট্ৰাকশ্বনে বন বিভাগে নিৰ্ধাৰিত কৰি দিয়া সীমা অতিক্ৰম কৰি অবাধ গতিত শিল-বালি উঠাই চোৰাংভাৱেও বিক্ৰী কৰি অহাৰ অভিযোগ উঠিছে ৷ শিৱমে অবৈধভাৱে নদীৰ বক্ষ ভেটি নদী আইন উলংঘা কৰাই নহয় নদীৰ চিৰ প্ৰবাহিত গতিক বাধা দি নদীখনৰ গতিপথ সলনি কৰাৰো অভিযোগ উত্থাপিত হৈছে। নিৰ্মাণকাৰী সংস্থা শিৱম আৰু বি আৰ চিৰ এনে অবৈধ কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছে যদিও দুয়োটা কোম্পানীৰে অসমৰ বহু ৰাজনৈতিক নেতা-পালিনেতাৰ সু-সম্পৰ্ক থকাহেতু ৰাইজৰ সকলো প্ৰতিবাদ ফুটুকাৰ ফেনতহে পৰিণত হৈ আহিছে। (ফটো