লখিমপুৰ, ২ এপ্ৰিল — অহা ৮ এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী ৰণডংকা বজাব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা ৬ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ লখিমপুৰলৈ অহাৰ কথা আছিল যদিও বৰ্তমান তেওঁ ভ্ৰমণসূচী সলনি কৰিছে। গৃহমন্ত্ৰী গৰাকীৰ ভ্ৰমণসূচী সলনি হোৱা বুলি আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ উপ সভাপতি নৱ কুমাৰ দলেৰ লগতে লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই। গৃহমন্ত্ৰী গৰাকীয়ে লখিমপুৰত অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলীৰ কাম সম্প্ৰতি পূৰ্ণগতিত চলিছে । লখিমপুৰৰ চুকুলীভৰীয়াস্থিত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল নিৰ্বাচনী সভাত প্ৰায় এক লাখ লোকৰ সমাৱেশ ঘটোৱাৰ লক্ষ্যৰে বিশাল মঞ্চ আৰু মণ্ডপ নিৰ্মাণ কৰা হৈছে সভাস্থলীত৷ মণ্ডপৰ কাষতে নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড । আৰক্ষী, আৰক্ষীৰ বিশেষ শাখাৰ চোকা দৃষ্টিৰ মাজত নিৰ্মাণ কৰি থকা হৈছে মঞ্চ আৰু মণ্ডপ । লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাকে ধৰি বিজেপিৰ দলীয় নেতাই মাজে-সময়ে নিৰ্মাণকাৰ্যৰ তদাৰক কৰি আছে ।উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰ সভাখনত ,অসমৰ মুখ্যমন্ত্ৰীৰ লগতে দিল্লী দিছপুৰৰ বহুকেইগৰাকী নেতা মন্ত্ৰী , বিধায়কে অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ অন্যতম হ’ল ১২ নং লখিমপুৰ লোকসভা সমষ্টি । এই সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহে ৮ এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব । লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অংশ গ্ৰহনেৰে অনুষ্ঠিত হ’বলগীয়া এই বিশাল নিৰ্বাচনী সভাখন উত্তৰ অসমৰ বাবে গুৰুত্বপূৰ্ণ সভা হ’ব ৷ ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপটত এই নিৰ্বাচনী সভাই শক্তিশালী প্ৰভাৱ পেলাব বুলি বিজেপিৰ নেতা-কৰ্মীসকলে আশা প্ৰকাশ কৰিছে ।উল্লেখ্য যে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসকীয় দলটোৱে চমকপ্ৰদ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ সমান্তৰালকৈ কংগ্ৰেছ দলেও অসমৰ বাবে ইতিমধ্যে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে ৷ য’ত অন্তৰ্ভুক্ত কৰা হৈছে ৪০ গৰাকী ৰাষ্ট্ৰীয় নেতাক ৷
Home অসম আৰু উত্তৰপূব ৮ এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী ৰণডংকা বজাব গৃহমন্ত্ৰী অমিত শ্বাহে চুকুলিভৰীয়াত নিৰ্মাণ কৰা...










