‘মুখ্যমন্ত্ৰী হিচাপে থাকিবলৈ কেজৰিৱালৰ ব্যক্তিগত সিদ্ধান্ত’- দিল্লী উচ্চ ন্যায়ালয় আবকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ ই.ডিৰ। বৰ্তমান তেওঁ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। ইফালে কেজৰিৱালৰ মুখ্যমন্ত্ৰী পদৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। জেলৰ পৰাও প্ৰশাসনিক কাম-কাজ কেনেদৰে চলাব লাগে আৰু এতিয়াও তেওঁ কেনেকৈ মুখ্যমন্ত্ৰী হৈ আছে সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে এজন ব্যক্তিয়ে।বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে জনাই যে কেজৰিৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ ক্ষেত্ৰত আদালতে হস্তক্ষেপ নকৰে। তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব নে নাই সেয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। আদালতৰ মতে কেতিয়াবা জাতীয় স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থক আগস্থান দিবলগীয়া হয়।