লখিমপুৰ, ,১৯ এপ্ৰিল : লখিমপুৰত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ সৈতে মহিলাৰ সংঘাতক লৈ আজি উত্তৰ নকাৰী ভোট কেন্দ্ৰত এক উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয় ৷ঘটনাৰ সন্দৰ্ভত জানিবপৰা মতে লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ নকাৰী ভোটগ্ৰহন কেন্দ্ৰত প্ৰাক্তন বিধায়ক গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি একাংশ মহিলাক ধমক দিয়াক কেন্দ্ৰ কৰিয়েই এই পৰিস্থিতিৰ সৃষ্টি হয় ৷ইয়াৰ গিচতেই মহিলাসকল উত্তেজিত হৈ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাইৰ সৈতে বাকবিতণ্ডাত লিপ্ত হয় ৷এই সন্দৰ্ভত মহিলাসকলৰ অভিযোগ – প্ৰাক্তন বিধায়ক গৰাকীয়ে “তঁহতে বিজেপিৰ পক্ষত কিয় থিয় দিছ’ , বিজেপিৰ পৰা কি পাইছ’ আদি নানান প্ৰশ্নৰে ব্যতিব্যস্ত কৰা বুলি অভিযোগ তোলে ৷ইয়াতে মহিলাসকল জাঙুৰ খাই উঠি প্ৰাক্তন বিধায়কগৰাকীক প্ৰতি আক্ৰমণৰ বাবে উদ্যত হয় ৷পৰৱৰ্তীসময়ত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে