লখিমপুৰ, ষ্টাফ ৰিপটাৰ ১৯ এপ্ৰিল — অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ১২ নং লখিমপুৰ লোকসভা সমষ্টিত বিয়লি ৫ বজা পৰ্যন্ত প্ৰায় ৭০ শতাংশ ভোটদান সাব্যস্ত হয় । উল্লেখ্য যে, এইবাৰ লোকসভা সমষ্টিটোৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ১৫,৬৯,৫৩১ গৰাকী ভোটাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। পূৰ্বৰ মাজুলী আৰু চাবুৱা সমষ্টি দুটা ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা কৰ্তন কৰি নতুনকৈ গঠন হোৱা ৰঙানদী সমষ্টি আৰু চিচিবৰগাঁও সমষ্টিক এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীৰে নিৰ্বাচনী অংকত একপ্ৰকাৰ আউল লাগিছে। তথ্যমতে, এইবাৰ লোকসভা সমষ্টিটোত অন্তৰ্ভুক্ত হোৱা ৰঙানদী বিধানসভা সমষ্টিত ১,৬৯,৮৫৫ গৰাকী ভোটাৰ, নাওবৈচা বিধানসভা সমষ্টিত ১,৬৮,৫১১ গৰাকী ভোটাৰ, লখিমপুৰ বিধানসভা সমষ্টিত ১,৬৬,৫০৯ গৰাকী ভোটাৰ , ঢকুৱাখনা বিধানসভা সমষ্টিত ১,৬০,৮৯৬ গৰাকী ভোটাৰ, ধেমাজি বিধানসভা সমষ্টিত ১,৭১,৬০২ গৰাকী ভোটাৰ , , নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিত ১,৭৫,২০২ গৰাকী ভোটাৰ, , জোনাই বিধানসভা সমষ্টিত ২,১৪,০৯৫ গৰাকী ভোটাৰ, শদিয়া বিধানসভা সমষ্টিত ১,৯৯,৬৬৫ গৰাকী ভোটাৰ, ডুমডুমা বিধানসভা সমষ্টিত ১,৪৩,১৯৬ গৰাকী ভোটাৰ ,আছিল । লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই উন্নয়নৰ শ্লোগানৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে ব্যাপক ৰূপত নিৰ্বাচনী অভিযান অব্যাহত ৰখাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাইও বিজেপি দলৰ মিথ্যাচাৰক সমালোচনা কৰি নিৰ্বাচনী অভিযান তীব্রতৰ কৰি তুলিছিল । উল্লেখ যে অষ্টাদশ লোকসভা নিৰ্বাচনৰ বাবে এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীৰূপে সাংসদ প্ৰদান বৰুৱাই, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে ঘনকান্ত চুতীয়াই, চ’ছিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়া (কমিউনিষ্ট) দলৰ প্ৰাৰ্থী পল্লৱ পেগু আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেছনেল দলৰ প্ৰাৰ্থী বীৰেন বাইলুঙে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা, কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া দলৰ প্ৰাৰ্থী ধীৰেন কছাৰীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰূপে গোবিন বিশ্বকৰ্মা, দেৱনাথ পাইত আৰু বিক্ৰম ৰামচিয়াৰীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছিল যদিও ভোটগ্ৰহন হৈ যোৱাৰ পাছত সমষ্টিটোত মূল যুঁজখন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ মাজতে হব বুলি ধাৰণা কৰা হৈছে । আজিৰ ভোটগ্ৰহন প্ৰক্ৰিয়াত লখিমপুৰ লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিয়লি ৫ বজা পৰ্যন্ত ৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিত ৬৭ শতাংশ , ৭৫ নং নাওবৈছাত ৬৬ শতাংশ ,৭৪ নং ৰঙানদীত ৬৬ শতাংশ , ঢকুৱাখনাত ৭৫.২৯ শতাংশ , ধেমাজিত ৭০.৫২ শতাংশ ,চিচিবৰগাঁওত ৭০.৭৭ শতাংশ ,জোনাইত ৭০ শতাংশ, শদিয়াত ৬৩'”১৮ শতাংশ, আৰু ডুমডুমাত ৭০’৮৫ শতাংশ ভোটদান সাব্যস্ত হয় । আজিৰ ভোটদান প্ৰক্ৰিয়াত লখিমপুৰ আৰু ৰঙানদী সমষ্টিৰ ১ নং পাচনৈ আৰু ২ নং পাঁচনৈ ভোট কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ বাবে এক ঘন্টা পলমকৈ ভোটদান সাব্যস্ত হয় .। উল্লেখ যে আজিৰ ভোটদান প্ৰক্ৰিয়াত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাই ৰাইজে ভোটদান কেন্দ্ৰত ভোটদান কৰে । আজি শান্তিপূৰ্ণ ভাবেই লখিমপুৰত ভোটগ্ৰহন সম্পন্ন হয়
Home অসম আৰু উত্তৰপূব লখিমপুৰ লোকসভা সমষ্টিত বিজেপি-কংগ্ৰেছৰ মাজতে হব পোনপতীয়া নিৰ্বাচনী যুজঁ ই ভি এমত...