লখিমপুৰ, ২২ এপ্ৰিল ; সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আজি উত্তাল হৈ পৰিল লখিমপুৰ জিলাৰ বঙালমৰাৰ তিনঠেঙীয়া হাইস্কুলৰ চৌহদ । মূলতঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে অতি শোচনীয় ফল প্ৰদৰ্শন কৰাৰ পাছতে আজি ৰাইজ- অভিভাৱক ক্ষুব্ধ হৈ তিনিঠেঙীয়া হাইস্কুলৰ সন্মুখত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । শতাধিক অভিভাৱকে তিনিঠেঙীয়া হাইস্কুলৰ নিম্নমানৰ ফলাফলক লৈ উঠিল জাঙুৰ খাই । উল্লেখ যে স্কুলখনৰ পৰা মুঠ ৪৩ জন পৰীক্ষাৰ্থীয়ে দিছিল মেট্ৰিক পৰীক্ষা ইয়াৰ ভিতৰত উত্তীৰ্ণ হল মাথোঁ ৩ জন ছাত্ৰ ছাত্ৰী । এই ফলাফলৰ পাছতে প্ৰতিবাদত বহিল ৰাইজ।এই সন্দৰ্ভত ৰাইজৰ ৰাইজৰ প্ৰশ্ন বিদ্যালয় খনত ১৮ গৰাকীকৈ শিক্ষক থকাৰ পাছতো ফলাফল বেয়া কিয়? বিদ্যালয় খনত দীৰ্ঘদিন ধৰি শিক্ষক সকলৰ মাজত চলি থকা আভ্যন্তৰীণ কন্দলে অমানিশা নমাই আনিছে নেকি পাঁচ শতাধিক শিক্ষাৰ্থীৰ ভৱিষ্যত ? উত্তেজিত ৰাইজে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা শিক্ষক সকলক বদলি কৰণৰ দাবী জনাইছে । জানিব পৰা মতে- যোৱা কেইবাবছৰমান ধৰি বিদ্যালয়খনৰ ফলাফত অতি শোচনীয়। গুণোৎসৱতো পালে ডি গ্ৰেড । অভিভাৱক সকলৰ অভিযোগ শিক্ষক সকলে বিদ্যালয়ত পাঠদান নকৰাৰ বাবে এই শোচনীয় ফলাফল বিদ্যালয়খনৰ।অভিভাৱক সকলৰ দাবী অতি সোনকালে শিক্ষক সকলক বদলিকৰণ কৰি নতুন শিক্ষক নিযুক্তি দিয়ক । নহলে ৰাইজে বিদ্যালয় বন্ধ কৰি দিব
Home অসম আৰু উত্তৰপূব সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলকলৈ উত্তাল লখিমপুৰৰ তিনিঠেঙীয়া হাইস্কুল, প্ৰতিবাদত বহিল...