লখিমপুৰ, ২০ মে : নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু শদিয়া কলেজৰ যৌথ উদ্যোগত যোৱা ১৮ আৰু ১৯ মে’ত ‘শদিয়াৰ সাংস্কৃতিক ঐতিহ্য’ শীৰ্ষক এক আলোচনা-চক্ৰ আৰু ক্ষেত্ৰ পৰ্যবেক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷ শদিয়া কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনা-চক্ৰৰ আঁত ধৰে পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী ড॰ শাৰদী বৰাই৷ আৰম্ভণিতে কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমৱেত সংগীত পৰিৱেশন কৰে৷ আলোচনা-চক্ৰখন সঞ্চালনা কৰে অধ্যক্ষ ড॰ ভূপেন চুতীয়াই৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই আলোচনা-চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে, অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্যৰ লগত নতুন প্ৰজন্মক পৰিচিত কৰাবৰ বাবেই নিয়মীয়াকৈ অসমীয়া বিভাগে এনে সংক্ষিপ্ত পৰিসৰৰ আলোচনা-চক্ৰ অনুষ্ঠিত কৰি আহিছে৷ চলিত বৰ্ষত শদিয়াৰ ঐতিহ্য অধ্যয়নৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ কয়৷ সমল ব্যক্তি তথা সাংবাদিক বগেন গগৈয়ে কিংবদন্তি, পুৰাকথা আৰু লিখিত বুৰঞ্জীৰ আধাৰত শদিয়াৰ সাংস্কৃতিক সমলসমূহৰ বিষয়ে বিষদভাৱে এক তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰে৷ আন এগৰাকী সমল ব্যক্তি তথা শদিয়া কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী হেমন্ত কুমাৰ দেউৰীয়ে শদিয়াৰ দেউৰী সমাজৰ সংস্কৃতিৰ ইতিহাস আৰু পৰিৱৰ্তন সম্পৰ্কে কয়৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড॰ ধনৰঞ্জন কলিতাই আলোচনাত ভাগ লয়৷ অনুষ্ঠানত শদিয়া কলেজৰ ‘যুৱ টুৰিজিম ক্লাৱে’ শদিয়াৰ পৰ্যটন সম্পৰ্কে এটি তথ্যবৃত্তান্ত উপস্থাপন কৰে৷ আলোচনা-চক্ৰৰ দ্বিতীয় পৰ্যায়ত অধ্যক্ষ ড॰ ভূপেন চুতীয়াই ঔপনিৱেশিক কালত শদিয়াৰ পুনৰ গঠন সম্পৰ্কে অৱলোকন কৰে৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ গৱেষকসকলৰ লগতে স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত ভাগ লয়৷ অনুষ্ঠানতে নৰ্থ লখিমপুৰ কলেজৰ দলটোৱে শদিয়া কলেজৰ পুথিভঁৰাললৈ এটি গ্ৰন্থৰ টোপোলা আগবঢ়ায়। দ্বিতীয় দিনা ক্ষেত্ৰ পৰ্যবেক্ষণ কাৰ্যসূচীত শদিয়াৰ বুঢ়া-বুঢ়ী শাল, প্ৰতিমা গড়, পদুম পুখুৰী আদিৰ লগতে অৰুণাচল প্ৰদেশত থকা ভীষ্মক নগৰ আৰু ‘গোল্ডেন পেগোডা’ক সামৰি লোৱা হয়৷ ক্ষেত্ৰসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে তাৰ লগত জড়িত বিশেষজ্ঞ ব্যক্তিক নিমন্ত্ৰণ জনাই বাৰ্তালাপৰ যোগেদি তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হয়৷ এই কাৰ্যসূচীত উপৰোক্ত ব্যক্তিসকলৰ লগতে শদিয়া কলেজৰ অধ্যাপক-অধ্যাপিকা ক্ৰমে– ব্ৰজেন শইকীয়া, ড॰ দীপেন্দ্ৰ কুমাৰ খানাল, এলিনা শইকীয়া, শিৱানী বৰুৱাই অংশগ্ৰহণ কৰে