লখিমপুৰ, ২২ মে ; অলপতে লক্ষীমপুৰৰ গোগামুখৰ ব্যৱসায়িক প্ৰতিষ্ঠান “ডলী ৰাজ এন্টাৰপ্ৰাইজ” ৰ উদ্যোগত “অনুপ্ৰেৰণা- ২০২৪” ৰ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা গোগামুখৰ বিভিন্ন ক্ষেত্ৰত ৪১ জন বিশিষ্ট ব্যক্তিক”অনুপ্ৰেৰণা” তেখেতসকলৰ সামাজিক অৱদানৰ বাবে বিশেষ ভাৱে সন্মনিত কৰে। ডলী ৰাজ এন্টাৰপ্ৰাইজৰ চৌহদত আয়োজন কৰা অনুষ্ঠানত”অনুপ্ৰেৰণা ২০২৪ শীৰ্ষক অনুষ্ঠানত হিতৈষী ভকত সন্মান আগবঢ়ায় ক্ষীৰোদ সোনোৱালক।অনুপ্ৰেৰণা -২০২৪ ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ সাংবাদিকৰ সন্মান দৈনিক জনমভূমি কাকতৰ সাংবাদিক জিতু কুমাৰ ৰাজকোঁৱৰক প্ৰদান কৰে।গোগামুখৰ সফল আৰু উদ্যমী মহিলা ব্যৱসায়ীৰ সন্মান বঁটা বেলছি নাৰ্জাৰী , সফল পিতৃ বঁটা কৃষ্ণ হাজৰিকা ,সফল মাতৃ ৰুমীনাথ হাজৰিকা ,সফল পিতৃ কিৰণ বন দেউৰী, সফল মাতৃ দীপা দেউৰী, সংগীত শিল্পী সন্মান বঁটা ইন্দিৰা হাজৰিকা , সমাজ হিতৈষী ভকতৰ সন্মান ক্ষীৰোদ সোনোৱাল , ক্ৰীড়া বঁটা বিমল স্বৰ্গীয়াৰী , বিশেষ সম্বৰ্ধনা ডলী ৰাজ এন্টাৰপ্ৰাইজ লেখন বুঢ়াগোহাঁই, দুৰ্লভ গগৈ,অঞ্জনা গোহাঁই , চিত্ৰ কলা সন্মান ডম্বৰু বৰা ,উদ্যমী কৃষক গিৰিজা প্ৰসাদ দলে ,কৃৰ্তী মান ছাত্ৰ ছাত্ৰ-ছাত্ৰী নিৰিবিলি বৰগোহাঁই , উদয় উপাধ্যায়,দেবাৰ্জুন দলে ,আশিষ শৰ্মা , সমাজ সেৱাৰ সন্মান চিকিৎসক ডা: গুনিন গগৈ , সমাজ সেৱাৰ সন্মান বিদ্যুৎ বিভাগ কুশল কুমাৰ মেদক , বিনয় কৃষ্ণ তামুলী ফুকন ,দীপক বৰগোহাঁই , সংগীত শিল্পী সন্মান প্ৰণৱ নিষাদ ,উৎপল চুতীয়া,বায় পেগু , চন্দ্ৰ পাটগিৰি , আগম কুটুম,উদয় স্বৰ্গীয়াৰী ,ৰঞ্জন দেউৰী ,উৎপল নিবিড়, গৌতম বিশ্বকৰ্মা আদি।বিশিষ্ট অতিথি হিচাপে এম ডি ডা: দিব্যজ্যোতি কলিতা , ডা: ৰূপম হাজৰিকা ,ডা: দীপক তাছা আদি উপস্থিত থাকে।

Home অসম আৰু উত্তৰপূব গোগামুখত অনুপ্ৰেৰণা-২০২৪ ৰ শীৰ্ষক বিশেষ অনুষ্ঠান সাংবাদিক জিতু কুমাৰ ৰাজকোঁৱৰলৈ সন্মান