হাওৰাঘাট,৩১ মে’ : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুটত গৌতম নাথ নামৰ এজন টেট শিক্ষকৰ কামনাৰ বলি হৈছে ৯ বছৰীয়া ফুলকুমলীয়া এগৰাকী ছাত্ৰী । এই জঘন্য ঘটনাটো যদিও চাৰি পাঁচ দিন মানৰ আগতেই ঘটি গৈছে যদিও আজিহে পোহৰলৈ অহাত ৰংকুট তথা সমগ্ৰ হাওৰাঘাট অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনাটো পোহৰলৈ অহাৰ পিছতে ধৰ্ষণ তথা কামনাৰ বলি হোৱা ৯ বছৰীয়া ফুলকুমলীয়া ছাত্ৰী গৰাকীৰ মোমায়েকে আৰক্ষীক অৱগত কৰি অপৰাধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সংবাদ মাধ্যমৰ কাষ চপাত ঘটনাটো পোহৰলৈ আহে । জানিব পৰা মতে ৰংকুটৰ গৌতম নাথ নামৰ টেট শিক্ষক গৰাকী বিবাহ পাশত আবদ্ধ হোৱাটো মাত্ৰ দুই তিনি মাহ মানহে হৈছে । আনহাতে তেওঁৰ বিবাহৰ পেণ্ডেলৰ বাহঁকেইটা আজিহে আতঁৰাই নিছে । নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতো একে ঠাইৰে এগৰাকী ফুলকুমলীয়া ৯ বছৰীয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ দৰে জঘন্য কাণ্ড কৰাটো পোহৰলৈ অহাৰ পিছত ৰংকুট তথা হাওৰাঘাটবাসী সভ্য সমাজে সহজে মানি লব পৰা নাই । পৰিয়ালৰ সূত্ৰই জনোৱা মতে ফুলকুমলীয়া ছোৱালীজনী ধৰ্ষণৰ বলি হোৱাৰ পিছত যেতিয়া অতিপাত ৰক্তক্ষৰণ হয় তেতিয়াহে পিতৃ মাতৃয়ে জানিব পাৰি প্ৰথমে নগাঁৱৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে চিকিৎসা গ্ৰহণ নকৰাৰ বাবে পুনৰ আৰক্ষীৰ সহায়ত আজি ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰি বৰ্তমান চিকিৎসাধীন হৈ আছে । ইপিনে শিশু ধৰ্ষণকাৰী অপৰাধী টেট শিক্ষক গৌতম নাথ পলাতক হৈ থকাত আৰক্ষীয়ে তেওঁৰ পিতৃ আৰু ভাতৃক থানাত উঠাই আনি ৰখা বুলি জনা গৈছে । ধৰ্ষণ তথা কামনাৰ বলি হোৱা ৯ বছৰীয়া ছাত্ৰীগৰাকীৰ মোমায়েক আৰু ৰংকুটৰ সচেতন ৰাইজে অপৰাধীক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে । Dharmendra Khakhlary
Correspondent Howraghat
8638159553
31/5/2024










