লখিমপুৰ ৭ জুন ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰি অহা এটা আন্তঃৰাষ্ট্ৰীয় কুখ্যাত ড্ৰাগছ মাফিয়া চক্ৰ কালি বৃহস্পতিবাৰে নিশা লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে চক্ৰটোৰ পৰা বৃহৎ পৰিমানৰ হেৰ’ইনৰ লগতে মহিলাসহ ৬টা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে আৰু এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই চক্ৰটোৱে দীৰ্ঘদিনধৰি ৰাজ্যৰ ডিব্ৰুগড়, তিনচুকীয়া, গুৱাহাটী, কৰিমগঞ্জ , কাছাৰ আদিত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি অহা বুলি লখিমপুৰ আৰক্ষীয়ে জানিবলৈ দিছে৷ জানিব পৰা মতে লখিমপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুলুমণি দুৱৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে যোৱা নিশা জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই এই ড্ৰাগছ চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চক্ৰটোৰ মাফিয়াকেইজন হৈছে কৰিমগঞ্জ জিলাৰ কালিগঞ্জৰ মাহাৰুফ আহমেদ খান, লখিমপুৰ জিলাৰ পানীগাঁও ১১ মাইলৰ যুগল মৰাং, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ফৰেষ্ট গেটৰ ইফজল হুছেইন, লখিমপুৰ জিলাৰ চাবতিৰ জয়ন্ত পাতিৰ আৰু তেওঁৰ পত্নী তগৰ পাতিৰ, কৰিমগঞ্জ জিলাৰ নীলবজাৰ আলংপানীৰ মহম্মদ ফকৰুদ্দিন৷ এই আটাইকেইজনকে আৰক্ষীয়ে কেবাটাও স্থানৰ পৰা আটক কৰি সম্প্ৰতি সোধপোছ অব্যাহত ৰখাৰ লগতে তেওঁলোকৰ কবলৰ পৰা এখন চুইফ্‌ট গাড়ীৰ লগতে প্ৰায় ২৫ লাখ টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে এই চক্ৰটোৰ কবলৰ পৰা আৰক্ষীয়ে তথা পানীগাঁও বৰডুবি চানং গাঁৱৰ পৰা উক্ত ড্ৰাগছ সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কৰিমগঞ্জৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৱে এখন চুইফ্‌ট গাড়ীয়ে এই ড্ৰাগছখিনি লখিমপুৰত বিক্ৰী কৰিবলৈ অনাৰ সময়তে চক্ৰটো আৰক্ষীৰ জালত পৰে