লখিমপুৰ, ৭ জুন ঃ “যক্ষ্মা ৰোগ এক ভয়াবহ ৰোগ এই ৰোগৰ ভয়াবহতাৰ কথা চিন্তা কৰিয়েই বিশ্বৰ ১৬ খন দেশত ১৮ বছৰ ওপৰৰ লোকৰ বাবে যক্ষ্মা ৰোগৰ প্ৰতিষেধক প্ৰদানৰ কাম অব্যাহত আছে৷ আমাৰ ভাৰতবৰ্ষতো এতিয়া ২৩ খন ৰাজ্যত এনে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ সেই অনুসৰি অসমৰ দুখন জিলা লখিমপুৰ আৰু শিৱসাগৰ জিলাটো অহা ১১ জুনত শুভৰাম্ভ হব প্ৰাপ্তবয়স্ক লোকক যক্ষ্মা ৰোগৰ প্ৰতিষেধক প্ৰদানৰ পাইলত প্ৰজেক্টৰ কাম । আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে লখিমপুৰৰ জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ হৃদয়ানন্দ বৰুৱাই । তেওঁ সংবাদ মেলত কয় – দেশত প্ৰতিবছৰে ২ লাখ ৮০ হাজাৰ লোকৰ আৰু দৈনিক ১৪ শ লোকৰ যক্ষ্মা ৰোগত মৃত্যু হয়৷ ঘণ্টাত এই ৰোগত ৫৮ জন লোকৰ মৃত্যু হয় আৰু ইয়াৰ ভয়াৱহতাৰ কথা চিন্তা কৰিয়েই কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগে এতিয়া সমগ্ৰ দেশৰ লগতে অসমৰ দুখন জিলাতো যক্ষ্মা ৰোগৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যত প্ৰথমবাৰৰ বাবে লখিমপুৰ আৰু শিৱসাগৰ জিলাত অহা ১১ জুনৰ পৰা দুসপ্তাহৰ বাবে প্ৰাপ্ত বয়স্ক লোকক যক্ষ্মা ৰোগৰ ভেকচিন প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ শেহতীয়াকৈ স্বাস্থ্য বিভাগে জিলাখনৰ ২ লাখ ৩৫ হাজাৰ হিতাধিকাৰী [প্ৰাপ্তবয়স্ক] চিনাক্ত তথা পঞ্জিয়ন কৰি এই লোকসকলক এনে মাৰাত্মক ৰোগ বিধৰ পৰা আগতীয়াকৈ ৰক্ষা পাবৰ বাবে এনে ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জিলা বিষয়াজনে অৱগত কৰে৷ এই ভেকচিন ললে কোনো পাশ্বক্ৰিয়া নহয় বুলি দাবী কৰি সম্পূৰ্ণ বিনামূলীয়া ভেকচিন গ্ৰহণৰ বাবে ৰাইজক ভেকচিন চেণ্টাৰ সমূহলৈ ওলাই আহি ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ ১১ জুনৰ পুৱা ৭ বজাৰ পৰা ২ বজালৈ জিলাখনৰ ৩৩২৫টা কেন্দ্ৰত এই প্ৰাপ্তবয়স্ক লোকসকলক ভেকচিন প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা বুলি স্বাস্থ্য বিষয়াজনে জানিবলৈ দিয়ে৷ জিলা প্ৰতিষেধক বিষয়া ডাঃ ভাৰতী গগৈ, স্বাস্থ্যকৰ্মী পংকজ সভাপণ্ডিতকে ধৰি কেবাজনো স্বাস্থ্য বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা সংবাদমেলত সকলো প্ৰাপ্তবয়স্ক হিতাধিকাৰীক মুকলি মনেৰে কোনো সংকোচ নোহোৱাকৈ ওলাই আহি ভেকচিন গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়৷ বায়ুৰ দ্বাৰা যক্ষ্মাৰোগ সংক্ৰমন হোৱাৰ লগতে ৪০ শতাংশ লোকৰ দেহত এই ৰোগবিধ সুপ্ত অৱস্থাত থাকে বুলি জ্যেষ্ঠ চিকিৎসকজনে সদৰি কৰে৷ যক্ষ্মাৰোগৰ সাধাৰণ লক্ষণ সমূহ মূলতঃ প্ৰায় দুসপ্তাহ ধৰি হৈ থকা কাহ, কাহৰ লগত তেজ ওলোৱা, বুকুৰ বিষ অনুভৱ হোৱা, ওজন কমা, গধুলি জ্বৰ হোৱা লক্ষণ সমূহেই যক্ষ্মাৰোগৰ প্ৰধান লক্ষণ বুলি ডাঃ ভাৰতী গগৈয়ে ব্যক্ত কৰে
Home অসম আৰু উত্তৰপূব লখিমপুৰ-শিৱসাগৰত ১১ জুনত শুভৰম্ভ হব প্ৰাপ্তবয়স্ক লোকক যক্ষ্মা ৰোগ প্ৰতিষেধক প্ৰদানৰ পাইলত...










