লখিমপুৰ, ৭জুন ; নামনি সোৱণশিৰি প্ৰকল্প আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত যোৱা ৬জুন ২০২৪ত মীন পালন ব্যৱস্থাপনা আঁচনি ৰূপায়ণৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মাজত মীন পালন ব্যৱস্থাপনা আঁচনি ৰূপায়ণৰ বাবে স্বাক্ষৰিত হোৱা এই বুজাবুজি চুক্তি অনুসৰি মাছৰ বৃদ্ধিৰ বাবে এই পদক্ষেপ লয় । এনএইচপিচি লিমিটেডৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাৰ্যবাহী সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদৰ উপস্থিতিত মীন পালন সঞ্চালক জয়শিল তাবা আৰু এনএইচপিচি লিমিটেডৰ মহাপ্ৰৱন্ধক (পৰিৱেশ) মনসিৎ সিং চৌধাৰীয়ে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। আঁচনিখনত অৰুণাচল প্ৰদেশ চৰকাৰৰ মীন বিভাগৰ দ্বাৰা সোণালী মাহচীৰ, স্নো ট্রাউট আৰু ইণ্ডিয়ান মেজৰ আৰু মাইনৰ কাৰ্পৰ মাছৰ বীজ পালনৰ বাবে উৎপাদনস্থলীৰ বিকাশ আৰু নদীৰ জৈৱ বৈচিত্র সংৰক্ষণ ব্যৱস্থা হিচাপে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ উজনিত সোৱণশিৰি নদীত মাছৰ পোনা ৰখাৰ পৰিকল্পনা কৰে । মীন পালন ব্যৱস্থাপনাৰ আৰম্ভণি উপলক্ষে, বান্ধৰ নামনিত সোৱণশিৰি নদীত এনএইচপিচি লিমিটেড আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মীন বিভাগৰ বিষয়াসকলৰ দ্বাৰা ভাৰতীয় মেজৰ কাৰ্পৰ প্ৰায় ৬০০০ মাছৰ পোনা এৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে