লখিমপুৰ, ২৩ জুন :- অসম অৰুণাচল সীমান্তৱৰ্তী ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বেল’বস্তিত অৰুণাচলীয়ে পথ নিৰ্মাণ কৰা আৰু এক’লেণ্ড নিৰ্মাণ কৰিবলৈ লোৱাৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে । আজি উক্ত বেদখলকৃৎ স্থানত অসমৰ ৰাজহ চক্ৰ বিষয়াকে ধৰি সুৰক্ষা কৰ্মী, বন বিষয়া কৰ্মচাৰীয়ে পৰিস্থিতি পৰ্যবেক্ষণৰ যোৱা অৱস্থাত অৰুণাচলীয়ে অসমৰ প্ৰশাসনৰ দলটিক অপদস্থ কৰি খেদি পঠোৱা কাৰ্যই সীমান্তৰ ৰামপুৰ বগীবিলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ অসমৰ পৰা যোৱা এই দলটো কোনোমতেহে উক্ত স্থানৰ পৰা আতৰি আহিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য অনুসৰি অসম অৰুণাচল সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে এক’লেণ্ড নিৰ্মাণ কৰা আৰু পকী পথ নিৰ্মাণ কৰাৰ বিষয়ে দৈনিক জনমভূমিকে ধৰি একাংশ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত আজি নাওবৈচা ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰাৰ লগতে হাৰমতি আঞ্চলিক বন বিষয়া, ৰামপুৰ বন খণ্ড আৰু কিমিন বন খণ্ড বিষয়া সহ বেটেলিয়ান জোৱানৰ এটা দল দুপৰীয়া উক্ত স্থানত উপস্থিত হৈ অসমৰ ভূমিত অৰুণাচলীয়ে এক’লেণ্ড নিৰ্মাণ কাৰ্যক বাধা প্ৰদান কৰিব বিছৰাত নিৰ্মাণ কাৰ্যত জড়িত হৈ থকা অৰুণাচলী যুৱকে অসমৰ চৰকাৰী বাহিনীক দা, শিল, বেলচা আদি লৈ আক্ৰমণৰ বাবে উদ্যত হৈ দলটোক ভাবুকি প্ৰদান কৰে৷ উপায়ন্তৰ হৈ দলটোৱে সেই স্থানৰ পৰা আতৰি আহিবলৈ বাধ্য হয়৷ তেওঁলোকৰ দাবী যে অৰুণাচলৰ ভূমিত তেওঁলোকে গৃহ নিৰ্মাণ কৰিছে৷ উল্লেখ্য যে‘ লকাম তাল’ নামৰ এজন প্ৰভাৱশালী অৰুণাচলী লোকৰ নেতৃত্বত ৰামপুৰ বগীবিলৰ সমীপৱৰ্তী তথা অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ২ নং বেলবস্তিত এইদৰে অত্যাধুনিক এক’লেণ্ড নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত অব্যাহত আছে৷ অসমৰ বনাঞ্চল ধবংস কৰি এনেদৰে অৰুণাচলীয়ে পথ নিৰ্মাণ, এক’লেণ্ড নিৰ্মাণ কৰিব বিছৰা কাৰ্যৰ বিৰুদ্ধে চলিত সপ্তাহত লখিমপুৰৰ জিলা আয়ুক্তক ৰামপুৰ বগীবিল বাসীয়ে লিখিত অভিযোগ দাখিল কৰি এনে কাৰ্য ৰোধৰ দাবী জনাইছিল৷ লক্ষণীয় কথা যে কেইদিনমানৰ পূৰ্বে অসমৰ ৰামপুৰ-বগীবিল যৌথ বন পৰিচালনা সমিতিয়ে ২ নং বেলবস্তিত অসমৰ ভূমিত পূৰ্বে ৰোপণ কৰা এখন প্লেনটেচনৰ ফেন্সিং বেৰা অৰুণাচলীয়ে উভালি পেলায় যদিও অসমৰ বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল এই পৰ্যন্ত সেই স্থানত উপস্থিত হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷
Home অসম আৰু উত্তৰপূব অসম অৰুণাচল সীমান্তৰ ৰামপুৰ বগীবিলত উত্তেজনা: নাওবৈচাৰ ৰাজহ চক্ৰ বিষয়া, বন বিষয়া-...










