লখিমপুৰ, ৯ জুলাই ; লখিমপুৰ জিলাৰ বান বিধ্বস্ত নাওবৈছা অঞ্চলত আজি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৰাইজৰ দলৰ সভাপতি , বিধায়ক অখিল গগৈয়ে । নাৱেৰে নৈ পাৰ হৈ অখিল গগৈ আজি উপস্থিত হ’ল ৰঙানদী পঞ্চায়তৰ গড়চিগাত। প্ৰায় ৮ কোটি টকাৰে নিৰ্মান কৰা বান প্ৰতিৰোধৰ মথাউৰী পৰিদৰ্শন কৰি তেওঁ হতবাক হয় আৰু জলসম্পদ বিভাগৰ কাৰ্যক চোকা সমালোচনা কৰে । তেওঁ ৰাজ্য চৰকাৰৰ বান প্ৰতিৰোধৰ আচনিক লৈ সৰব হৈ পৰে । জলসম্পদ বিভাগৰ কৰ্ম কান্দক সমালোচনা কৰি অখিল গগৈয়ে ক’লে – মুখ্যমন্ত্ৰীৰ সাহস থাকিলে বিধানসভা অনুস্থিত কৰক বানপানী বিষয়ক বিশেষ অধিবেশনৰ । য’ত বান সমস্যা সমাধানৰ বাবে চৰকাৰক তেওঁ দিহা পৰামৰ্শ দিব।