লখিমপুৰ, ১১ জুলাই: ৰাজ্যত নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যে কোনো বাস্তৱসন্মত পৰিকল্পনা নাই এই কথা প্রমাণ কৰিছে মৃত্যুমুখী ৰূপ লোৱা লখিমপুৰ আৰু ধেমাজি জিলাৰ ঔদ্যোগিক প্রশিক্ষণ কেন্দ্রই। উল্লেখ যে লখিমপুৰৰ চাবতিত ২০০১ চনত প্রতিষ্ঠা হোৱা মহিলা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র (ৱ’মেন আই টি আই)ত মহিলাসকলক বিনামূলীয়াকৈ কেইবাটাও ট্রেডত প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুসৰি আই টি আইখনত কাটিং এন্ড টেইলৰিং ,ছেক্রেটেৰিয়েল প্রেকটিচ, হেয়াৰ এণ্ড স্কীন কেয়াৰ আদি তিনিটা ট্রেডত যুৱতী-মহিলাসকলৰ প্ৰশিক্ষণৰ ব্যবস্থা কৰা হৈছিল। উত্তৰ অসমৰ একমাত্র মহিলা আই টি আইখনত আন্তঃগাঁথনিকে ধৰি প্ৰশিক্ষণৰ সকলো ব্যবস্থা গ্রহণ কৰা হ’ল যদিও প্রশিক্ষক নিযুক্তি দিয়া নহ’ল। কেৱল কাটিং এণ্ড টেইলৰিং ট্রেডৰ এগৰাকী প্রশিক্ষক নিযুক্তি দিয়াৰ বিপৰীতে অন্যান্য ট্রেডকেইটাত কোনো প্রশিক্ষক নিযুক্তি দিয়া নহ’ল। পিচলৈ প্রশিক্ষার্থীৰ অভাৱত কোনোৰকমে চলি থকা আই টি আইখনত এখন কেন্দ্রীয় বিদ্যালয় স্থাপন কৰা হয়। প্রায় দহ-বাৰ বছৰ কেন্দ্ৰীয় বিদ্যালয়খন থকাৰ পিচত শিক্ষানুষ্ঠানখন স্থায়ী চৌহদলৈ স্থানান্তৰ কৰা হয় যদিও আই টি আইখনৰ অৱস্থাৰ কোনো পৰিবৰ্তন নহ’ল। অধীক্ষককে ধৰি অন্যান্য এটাও পদৰ বিপৰীতে নিযুক্তি নিদিয়া আই টি আইখন ধেমাজিৰ আই টি আইৰ অধীক্ষকগৰাকীয়ে পৰিচালনা কৰি থাকিব লগা হৈছে। লক্ষণীয়ভাৱে কিছুদিনৰ পূর্বে প্রতিষ্ঠানখনত কেইবালাখ টকাৰ কম্পিউটাৰসহ আচ- বাব যোগান ধৰা হ’ল যদিও এই সামগ্রীসমূহ গুদামতে নষ্ট হয়। প্রশিক্ষণ প্রতিষ্ঠানখনৰ অৱস্থা এনে পর্যায় পাইছেগৈ যে বর্তমান এজন প্রশিক্ষকে প্রশিক্ষার্থীক প্ৰশিক্ষণ দিয়াৰ উপৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ সকলো কাম কৰিব লগা হৈছে। বিশাল চৌহদ আৰু আন্তঃগাঁথনি থকা প্রতিষ্ঠানখনত বর্তমান এগৰাকী প্রশিক্ষকৰ বিপৰীতে প্ৰশিক্ষাৰ্থীৰ সংখ্যা হৈছেগৈ মাত্র তিনিগৰাকী। তেনেদৰে ১৯৮৫ চনত ধেমাজিত স্থাপন কৰা ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানখনতো অনুৰূপ অৱস্থা পৰিলক্ষিত হৈছে। বেল্ডাৰ, কাটিং এণ্ড টেইলৰিং , ইলেক্ট্রচিয়ান, স্টেন’গ্রাফী এণ্ড ছেক্ৰেৰেটৰিয়েল প্রেকটিচ, মটৰ মেকানিক আদি ছটা ট্রেডৰ প্ৰায়কেইটাতে নাই প্রশিক্ষক। যোৱা দুবছৰ ধৰি কাটিং এণ্ড টেইলৰিং আৰু মটৰ মেকানিক ট্রেডৰ প্ৰশিক্ষক নথকাৰ বাবে নামভৰ্তি হোৱা নাই। এই ট্রেডসমূহত প্রশিক্ষণ গ্রহণ কৰি বহু নিবনুৱা যুৱক-যুৱতী সংস্থাপিত হ’ব পাৰিলেহেঁতেন যদিও চৰকাৰৰ অমনোযোগিতাৰ বাবে এই ঔদ্যোগিক প্রতিষ্ঠান দুখন বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে। ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী জয়ন্তমল্ল বৰুৱাই বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰে পৰা বিভাগটো গতিশীল কৰাৰ কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই।

Home অসম আৰু উত্তৰপূব উত্তৰ অসমৰ একমাত্ৰ মহিলা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মৃত্যুঘণ্টা অধীক্ষককে ধৰি এটাও পদত...