লখিমপুৰ, ৩০ আগষ্ট ; শিৱসাগৰত সংঘটিত ঘটনাৰ পাছত এইবাৰ লখিমপুৰত খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ১৪ টাকৈ জাতীয় সংগঠন ঐক্যবদ্ধ হৈ গঠন খিলঞ্জীয়া ঐক্যমঞ্চ । আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত ১৪ টাকৈ জাতীয় সংগঠনৰ নেতৃবৃন্দই খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ঐক্যমঞ্চ গঠনৰ কথা সদৰী কৰে । সংবাদ মেলত উপস্থিত থাকে বীৰ লাচিত সেনাৰ নেতা অজিৎ বুঢ়াগোহাঁই, ৰূপাঙ্ক বৰা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা হৈ দীপক বৰা,মৃদুল শইকীয়া,অসমীয়া যুব মঞ্চ অনুপম শইকীয়া,অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পাৰ্থ দাস,কৈৱত যুব ছাত্ৰ সন্মিলনী গৌৰী শংকৰ দাস,অসম জাতীয়তবাদী যুব পৰিষদ মনোজ কলিতা,আদিবাসী ছাত্ৰ সন্থা বিজু নায়ক,চুতীয়া ছাত্ৰ সন্থা বলীন চুতীয়া,চুতীয়া যুব সন্মিলনী জয়ন্ত শইকীয়া, টাই আহোম যুব পৰিষদ,দুৰ্নীতি বিৰোধী যুব শক্তি অসম,টি এম পি কে ,ট্ৰাইবেল য়ুথ লিগ,চুতীয়া জাতি সন্মিলন আদি ১৪ টা সংগঠনৰ নেতৃবৃন্দ । সংবাদ মেলত খিলঞ্জীয়া ঐক্যমঞ্চৰ লখিমপুৰ জিলা সমিতিৰ মুখ্য আহ্বায়ক অজিত বুঢ়াগোহাঁয়ে কয় -অসমত বসবাস কৰা সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থতে এই মঞ্চ গঠন কৰা হৈছে আৰু অনাগত দিনত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ বাবে মাত মাতি যাব । তেওঁ কয় চৰকাৰে ট্ৰেইবেল বেল্ট, আদিত খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰক , ট্ৰেইবেল বেল্ট আৰু ব্লকৰ ভিতৰত মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰ এটা সুস্থিৰ ভূমিনীতি প্ৰস্তুত কৰক যাতে কোনো বহিৰাগতই ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে , অসমৰ বিধানসভা, লোকসভাত খিলঞ্জীয়াইহে প্ৰতিনিধিত্ব কৰাৰ সুবিধা পাব লাগিব বুলি দাবী কৰি অসমৰ বাহিৰৰ লোকে অসমীয়া জাতিক নিঃশেষ কৰাৰ ষৰযন্ত্ৰত নামি পৰিছে বুলি অভিযোগ তুলি অসমৰ লগতে লখিমপুৰত ঠন ধৰি উঠা মাৰোৱাৰী যুৱ মঞ্চ, বেংগলী ফেডাৰেচন ,ভোজপুৰী সংগঠন নিষিদ্ধ কৰা হব বুলি হুংকাৰ দিয়ে । জাতিক আগবঢ়াই নিয়াৰ বাবে ঐক্যমঞ্চই কাম কৰি যাব বুলি উল্লেখ কৰি লখিমপুৰত কোনো বহিৰাগত শ্ৰমিকে কাম কৰিব নোৱাৰিব বুলি উল্লেখ কৰি বিভিন্ন প্ৰতিষ্ঠানৰ লগতে কোম্পানী সমূহৰ কামত থলুৱা শ্ৰমিকক কৰ্মত নিয়োগ কৰাৰ দাবী জনায় । ঐক্যমঞ্চৰ আহ্বায়ক দীপক বৰা , অনুপম শইকীয়া, গৌৰীশংকৰ দাস, পাৰ্থ দাস ,ৰূপাংক বৰা, মৃদুল শইকীয়া আদিয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ, অনা অসমীয়া সংগঠনক নিষিদ্ধ কৰা, ন গাঁৱৰ পৰা অহা মাছ সম্পূৰ্ণ ৰূপে বন্ধ কৰা, চৰকাৰী ভূমি বেদখলমুক্ত কৰা, আদি বিভিন্ন দাবীৰে ঐক্যবদ্ধ শক্তিৰে খিলঞ্জীয়াৰ প্ৰতি অহা ভাবুকি নিঃশেষ কৰাৰ হুংকাৰ দিয়ে ।