লখিমপুৰ, ৩০ আগষ্ট ; ধিং আৰু তেজপুৰৰ পাছত এইবাৰ নাওবৈচাৰ চিলনীবাৰী চাহ বাগিচাত সংগঠিত হৈছে ভয়ংকৰ যৌন নিৰ্যাতনৰ ঘটনা । আমান আলি নামৰ এটা নৰাধমে আদিবাসী সম্প্ৰদায়ৰ এগৰাকী কিশোৰীক অন্ত:সত্তা কৰাৰ পিছত আজি জন্ম দিলে এটি মৃত কন্যা সন্তান।প্ৰায় ৮মহীয়া মৃত সন্তান জন্ম হোৱাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। এই ঘটনাক লৈ সমগ্ৰ চিলিনীবাৰী চাহ বাগিছাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ যে ঘটনা সংঘটিত হোৱাৰ পাছতে আমান আলি পলাতক অৱস্থাত আছিল যদিও আজি আৰক্ষীয়ে আমান আলিক গ্ৰেপ্তাৰ কৰে । লখিমপুৰ আৰক্ষীয়ে পলাতক আমন আলিক ২৪ ঘণ্টাৰ ভিতৰত আত্মসমৰ্পন কৰিবলৈ সময় নিৰ্ধাৰণ কৰি দিছিল । আৰক্ষীয়ে আমান আলিক গ্ৰেপ্তাৰ কৰি সোধা পোচা অব্যাহত ৰাখিছে । এই ঘটনাক কেন্দ্ৰ কৰি আজি চিলনীবাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত হয় । অসমীয়া যুব মঞ্চৰ কৰ্মী সকলে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ দীৰ্ঘ সময় ধৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।