লখিমপুৰ, , ২৪ চেপ্তেম্বৰ ঃ লখিমপুৰ নগৰৰ সমীপৱৰ্তী বগলীজানত ৰাজ্য চৰকাৰে স্থাপন কৰা “মানৱ মল নিষ্কাষণ প্ৰকল্প”ৰ বিৰোধিতা কৰি ৰঙানদী সমষ্টিবাসী ৰাইজে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি বগলীজান পঞ্চায়ত কাৰ্যালয় চৌহদত সমষ্টিটোৰ ৰাইজে এক প্ৰতিবাদী সভাত মিলিত হৈ পুৱা ১০ বজাৰ পৰা ১০.৩০ বজালৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী জনতাই উক্ত প্ৰকল্পটো স্থাপনৰ বিৰোধিতা কৰাৰ লগতে স্থানান্তৰৰো দাবী তোলে৷ বৃহত্তৰ বগলীজানবাসী ৰাইজৰ উপৰি ৰঙানদী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কেবাশতাধিক প্ৰতিবাদকাৰীয়ে বগলীজান পঞ্চায়ত কাৰ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়া মতে, উক্ত প্ৰকল্প স্থাপনৰ পূৰ্বে স্থানীয় লোকসকলৰ কোনো ৰাজহুৱা সভাৰ জৰিয়তে ৰাইজক অৱগত কৰোৱা হোৱা নাছিল৷ আজিৰ প্ৰতিবাদী সভাত প্ৰকল্পস্থলী ৰঙানদীপৰীয়া এই অঞ্চলত স্থাপন কৰাৰ বিৰোধিতা কৰাৰ লগতে প্ৰকল্পটোৰ কাষতে থকা ৰঙানদীৰ মথাউৰিৰ অংশটো বিগত সময়ত কোবাবাৰো ভাঙি প্ৰবল বানৰ সৃষ্টি কৰিছিল বুলি বিভিন্নজনে উল্লেখ কৰে । অনাগত দিনত পুনৰ উক্ত মথাউৰি ভাঙিলে সৃষ্টি হ’ব পৰা ভয়াবহ বানত প্ৰকল্পটো ক্ষতিগ্ৰস্ত হ’লে উক্ত অঞ্চলত মানুহ বসবাসৰ বাবে সমস্যা সৃষ্টি হ’ব৷ আজি প্ৰতিবাদী সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বানপানী প্ৰৱন এলেকাত স্থাপন কৰা প্ৰকল্পটো পুনৰ বানত ক্ষতি হ’লে মানুহৰ বসবাসত সমস্যা সৃষ্টি হ’ব৷ আনহাতে বগলীজান অঞ্চলটোৰ ঘন জনবসতি পূৰ্ণ অঞ্চল আৰু এনে অঞ্চলত এই প্ৰকল্পটোৱে বায়ু, পানী প্ৰদূষিত কৰা তথা জনজীৱনৰ বাবে প্ৰতিকুল পৰিৱেশ সৃষ্টি হ’ব৷ প্ৰতিবাদকাৰীসকলে প্ৰকল্পটো স্থাপনৰ বিৰোধিতাৰে অভিযোগ সম্বলিত এক স্মাৰক পত্ৰ বগলীজান গাঁওপঞ্চায়তৰ সচিবৰ জৰিয়তে লখিমপুৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে৷