লখিমপুৰ, ২৬ ছেপ্টেম্বৰ ; অসম চৰকাৰৰ অধীনৰ বিদ্যুৎ বিভাগে (APDCL) অসমৰ বিদ্যুত গ্রাহক সকলৰ ঘৰে ঘৰে সংস্থাপন কৰা স্মার্ট মিটাৰত অহা বিদ্যুৎ মাচুলে অসমৰ ৰাইজক আর্থিকভাৱে জুৰুলা কৰাৰ অভিযোগ তুলি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ – বিদ্যুৎ বিভাগে সংস্থাপন কৰা স্মার্ট মিটাৰত অসমৰ বিদ্যুত উপভোক্তাই ব্যয় কৰা বিদ্যুতৰ বিপৰীতে বহুগুণ অধিক বিদ্যুৎ মাচুল ভৰিব লগা হৈছে আৰু বহু উপভোক্তাৰ ব্যয় কৰা বিদ্যুৎৰ বিপৰীতে ১০০ গুণতকৈও অধিক মাচুল আহিছে। তদুপৰি বিদ্যুৎ বিভাগে বহিৰাগত কোম্পেনীৰ পৰা ক্ৰয় কৰা স্মার্ট মিটাৰ সমূহতো নানা বিসংগতি ধৰা পৰিছে। মুঠতে বিদ্যুৎ বিভাগে সংস্থাপন কৰা স্মার্ট মিটাৰৰ বাবে সম্প্রতি অসমৰ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু দুখীয়া ৰাইজ আর্থিক শোষণৰ বলি হৈছে। ইতিমধ্যে ৰাজ্যজুৰি স্মার্ট মিটাৰ বন্ধ কৰা বা স্মার্ট মিটাৰৰ বিৰুদ্ধে সৰ্বত্ৰে ৰাইজৰ প্রতিবাদ হোৱা স্বত্তেও ৰাজ্য চৰকাৰ তথা বিভাগে কোনো কানসাৰ নিদিয়াৰ অভিযোগ তুলি আজি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যলয় সন্মুখত পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধৰ দাবী জনায় ।অসমৰ সকলো স্তৰৰ ৰাইজে স্মার্ট মিটাৰ কেতিয়াও গ্রহণ নকৰে এই কথা ইতিমধ্যে স্পষ্ট হৈছে বুলি উল্লেখ কৰি পৰিষদে কয় – চৰকাৰে অসমৰ ৰাইজৰ মতামতক নস্যাৎ কৰি বিদ্যুৎ গ্রাহকৰ বাবে স্মার্ট মিটাৰৰ ব্যৱস্থা বাহাল ৰাখিছে। এয়া জনগণৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰে জনমতক উপেক্ষা কৰাৰ এক অন্যতম উদাহৰণ বুলি অভিযোগ তোলে । আজি পৰিষদে ৰাজ্যজুৰি এক ধর্ণা কাৰ্যসূচী গ্রহণ কৰি অসমৰ মুখ্যমন্ত্রীলৈ এক স্মাৰক পত্ৰ লখিমপুৰ জিলা আয়ুক্তৰ যোগেদি প্ৰেৰণ কৰে । অন্যথা অনাগত সময়ত স্মার্ট মিটাৰ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমৰ ৰাইজৰ সহযোগত কঠোৰ গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও সকীয়ানি দিয়ে । লখিমপুৰত আজি এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে পৰিসদৰ সাধাৰণ সম্পাদক অৰুণ গগৈ, সভাপতি হিৰণ্য দত্তই ।