লখিমপুৰ, ৮ নৱেম্বৰ :লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা কাকৈ সংৰক্ষিত বনখণ্ডৰ অন্তৰ্গত কাকৈ বনাঞ্চলৰ সমীপৰ কাকৈ ৰাজগড়ত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। জানিব পৰা মতে, কালি নিশা সমীপৰ কাকৈ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে কাকৈ ৰাজগড়ত অৰুণাচলী লোকৰ ধানখেতিত পকা ধান খাবলৈ আহি ধাননি পথাৰতে মৃত্যু ঘটে প্ৰায় ৮ বছৰীয়া মখনা হাতীৰ। ধান খাবলৈ আহি জাকৰীয়া হাতীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত পোৱালি হাতীটোৰ মৃত্যু হৈছে বুলি লখিমপুৰ জিলা বন বিভাগে প্ৰকাশ কৰিছে। যদিও স্থানীয় একাংশ ৰাইজৰ মতে, অৰুণাচলী লোকে বনৰীয়া জীৱ জন্তুৰ পৰা নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ ধাননি পথাৰত সংযোজিত কৰি ৰখা বিদ্যুত পৰিৱাহী তাঁৰৰ সংস্পৰ্শলৈ আহি হাতী পোৱালিটোৰ মৃত্যু হয়। অৱশ্যে ঘটনাস্থলীত লখিমপুৰ জিলা বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া, আঞ্চলিক বন বিষয়াৰ লগতে খণ্ড বন বিষয়াৰ সৈতে বন কৰ্মচাৰীৰ এটা দল উপস্থিত হৈ লখিমপুৰ জিলা পশু চিকিৎসকৰ হতুৱাই মৃত হাতীৰ মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ সৎকাৰ কৰা বুলি জানিব পৰা গৈছে।