লখিমপুৰ, ৮নৱেম্বৰ ; লখিমপুৰ জিলাৰ পানীগাঁও ওম প্ৰকাশ দিনোদীয়া মহাবিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি মহাবিদালয়ৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ যৌথ উদ্যোগত তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভা আৰু বছাগাঁও জ্ঞানোদয় সামূহিক কেন্দ্ৰৰ সহযোগত মহাবিদ্যালয়ৰ সভাগৃহত “অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যদা: সুযোগ আৰু সম্ভাৱনা শীৰ্ষক এটি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।বক্তৃতা প্ৰদান কৰে নর্থ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই। তেখেতে বিষয়ৰ লগত সংগতি ৰাখি অসমীয়া লিপি আৰু ভাষাৰ ঐতিহ্যৰ স্বৰূপ সম্পৰ্কে বক্তব্য আগবঢ়ায়।বহুবছৰ ধৰি কৰি অহা চেষ্টাৰ অন্তৰালত অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাত যিসকল ব্যক্তিৰ অৱদান আছে সেইসকলৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰি এক সাৱলীল বক্তব্য প্রদান কৰে। ভাষাৰ অস্তিত্ব যিহেতু সাহিত্যৰ মাজত নিহিত হৈ থাকে সেয়ে সাহিত্যৰ ভাষা সৰ্বসাধাৰণে কোৱা মুখৰ ভাষাৰ ওপৰত গুৰুত্ব দি পোনপ্ৰথমে চৰ্যাপদত বৌদ্ধধৰ্মালম্বী লোকসকলে সমাজজীৱনৰ কথা কথিত ৰুপত প্ৰকাশ কৰিছিল।তাৰ পিছত শংকৰদেৱে আৰু নতুন কৌশল প্ৰয়োগ কৰি কথিত ৰুপত অৰ্থাৎ ব্ৰজাৱলী ভাষাত কাব্য ৰচনা কৰিছিল।এনেদৰে পৰ্যায়ক্ৰমে অসমীয়া ভাষা উন্নতিৰ ক্ষেত্ৰত আগুৱাই গৈ আজি এই পৰ্যায়ত উপনীত হৈছেহি।এনেদৰে অসমীয়া ভাষাৰ ইতিহাসৰ কথা সামৰি বৰ্তমান অসমীয়া ভাষাটো অধিক সক্ৰিয় কৰি তুলিবলৈ Google translste ত unicode ৰ জৰিয়তে যে আমি আমাৰ ভাষাৰ বহু তথ্য পাব পৰা হৈছো লগতে বহু তথ্য বা শব্দমালা অন্তভূ্ৰ্ক্ত কৰিবলৈ যে বাকী আছে সেই কথা সদৰি কয়।এই দিশত আমি চেষ্টা হাতত ল’ব লাগে বুলি দৃঢ়তাৰে মন্তব্য আগবঢ়ায়।অনাগত দিনত অসমীয়া ভাষাৰ সম্ভাৱনাৰ কথা বিভিন্ন প্ৰসংগ উল্লেখ কৰি ড°ৰাজখোৱাই অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যদাই অসমবাসীক গৌৰৱাম্বিত কৰাৰ লগতে ভৱিষ্যতে অসমীয়া ভাষাটো যে ইতিহাসত জিলিকি থাকিব সেই কথা উল্লেখ কৰে।অনুষ্ঠানটিৰ আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰেশ দত্তই।দুই শতাধিক ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ অধ্যাপকবৃন্দৰ সমন্বিতে গণ্য মান্য ব্যক্তিৰ উপস্থিতিয়ে আজিৰ সভাখন সাফল্যমণ্ডিত কৰি তোলে।অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° বি ডি নিশাই।