লখিমপুৰ ১৬ ডিচেম্বৰ ; লখিমপুৰ জিলাৰ বিহপুৰীয়া আবকাৰীয়ে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ন্যায়ালয়ৰ আদেশক্ৰমে কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত লখিমপুৰ উন্নয়ণ খণ্ডৰ সমীপৰ কোঁৱৰগাঁৱত (১০৮৮) হাজাৰোধিক কার্টুন অৰুণাচলী সুৰা ধ্বংস কৰে ।উক্ত সুৰাখিনি মূল্য প্ৰায় ৩০ লাখৰ অধিক হব। উক্ত কাৰ্য্যসূচীত কোঁৱৰগাওঁৰ সমাজ সচেতন কেইবাজন যুবক তথা ব্যক্তিয়ে আবকাৰী বিভাগক সহযোগ কৰে ।আবকাৰী বিভাগেও কোঁৱৰগাওঁ বাসীৰ তেওলোকৰ সহযোগিতাৰ বাবে শলাগ লয় ।